নিউজ ডেস্ক : ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত। হেলিকপ্টাৰখনত আছিল সেনাৰ ১৪ জনকৈ লোক। দুর্ঘটনাৰ পিছতে দাওদাওকৈ জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হয় হেলিকপ্টাৰখন। উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সেনা বাহিনীয়ে। 

বৃহস্পতিবাৰে দুপৰীয়া ১২.৪০ বজাত তামিলনাডুৰ কুন্নুৰত ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্রস্ত হয়। ভাৰতীয় সেনাৰ এমআই-১৭ ভি ৫ হেলিকপ্টাৰ দুৰ্ঘটনাগ্রস্ত হয়। ঘন কুঁৱলীৰ বাবে এই ফুর্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

দুর্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত ভাৰতৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ লগতে তেওঁৰ পত্নী আছিল বুলি জানিব পৰা গৈছে। সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা হোৱা স্থলীৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলিও জানিব পৰা গৈছে। দুর্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত থকা সেনাৰ লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে।

চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নী সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই। হেলিকপ্টাৰখন ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ আছিল। হেলিকপ্টাৰখন দুর্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে।