আজিজ আলী
মুকালমুৱা : টিহুত গ্ৰেপ্তাৰ সাতজন গভাইট চোৰ। চোৰ কেইজনৰ কবলৰ পৰা জব্দ কেইবাখনো চুৰিৰ বাইক। চোৰ কেইজনে বাইক চোৰ কৰাত ব্যৱহাৰ কৰা বহু সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে।

নলবাৰী জিলাৰ টিহুত আৰক্ষীৰ জালত পৰিছে সাতজনকৈ গভাইট চোৰ। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই চোৰ কেইজনক গ্ৰেপ্তাৰ কৰে। টিহু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰত্নকান্ত শৰ্মাৰ নেতৃত্বত চলিছিল এই অভিযান।

আৰক্ষীৰ এটা দলে প্ৰথমে টিহু হাৰিভাঙাত অভিযান চলাই ময়জুদ্দিন আলী আৰু তছেৰ আলী নামৰ দুজন চোৰক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে চোৰ দুজনক জেৰা চলাই আৰক্ষীৰ দলটোৱে পাটাছাৰকুছিৰ পৰা চবেৰ আলী, উচমান আলী, মইনাল আলী, চাইফুদ্দিন আলী আৰু চাইজুদ্দিন আলী নামৰ পাঁচজন চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে চোৰ কেইজনে বাইক চুৰিত ব্যৱহাৰ কৰা বহু সামগ্ৰীৰ লগতে কেইবাখনো বাইক জব্দ কৰে। চোৰকেইজন ঘৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত শিয়ালমাৰী থানাৰ অন্তৰ্গত নপাৰা পামত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে চোৰৰ দলটোক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে।