গুৱাহাটী, সংবাদ ৩৬৫, ২৬ ডিচেম্বৰ : ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৃষক নেতা অখিল গগৈক। নিয়াৰ আদালতত প্ৰায় ৫ ঘণ্টাজোৰা জেৰা চলাই নেতাগৰাকীক। পুনৰ ১০ দিনৰ বাবে নিয়াই অখিল গগৈক জিম্মাত বিচাৰিছিল যদিও আদালতে খাৰিজ কৰে আবেদন।
ইফালে এজন অপৰাধীৰ দৰে প্ৰথম দিনাই অখিল গগৈক নিয়াই আদালতত হাজিৰ কৰোৱাৰ বাবে আদালতে নিয়া, অসম পুলিচ আৰু যোৰহাট আৰক্ষীক চৌকছ জাৰি কৰে । ইয়াৰ পিছতে গগৈক প্ৰেৰণ কৰা হ’ব গুৱাহাটী জিলা কাৰাগাৰলৈ ।
উল্লেখযোগ্য যে বুধবাৰে অতি গোপনে অখিল গগৈক দিল্লীৰ পৰা বিমানযোগে কটকটীয়া নিৰাপত্তাবেষ্টনীৰ মাজেৰে গুৱাহাটীলৈ অনা হয়। ইয়াৰ পাছতে আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱাই অখিল গগৈৰ বাসগৃহত নিয়াই তালাচী চলাই । তালাচীত বাসগৃহৰ পৰা এটা লেপটপ, বেংকৰ নথি-পত্ৰ আৰু এন এইছ পি চিৰ ফাইল জব্দ কৰিছিল।
উল্লেখ কৰিব পাৰি যে ১২ ডিচেম্বৰত অখিল গগৈক যোৰহাটৰ পৰা আৰক্ষীয়ে কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থাকোতে গ্ৰেপ্তাৰ কৰাৰ পিছতে ১৪ ডিচেম্বৰত নিয়াই গগৈক মাওবাদী বুলি এজাহাৰ দাখিল কৰাৰ লগতে বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা জাপি দিয়ে । ইয়াৰ পাছতে নিয়াই ১৬ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰে অখিল গগৈক।
নিয়াই কৃষক নেতা গৰাকীৰ বিৰুদ্ধে গগৈৰ ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ বি (অপৰাধমূলক ষড়যন্ত্ৰৰ শাস্তি), ১২৪ এ (ৰাষ্ট্ৰদ্ৰোহ), ১৫৩ এ (বেআইনী ) আৰু ১৫৩ বি তথা বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা ১৮ আৰু ৩৯ ডিৰ অধীনত ১৩/২০১৯ নম্বৰত গোচৰ ৰুজু কৰে।