টীয়ক, সংবাদ ৩৬৫, ২৭ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে ৰাজ্যজুৰি প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ বিৰুদ্ধে ছাত্ৰ সমাজ , সাধাৰণ জনতা তথা দল-সংগঠনে বিভিন্ন পন্থাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে।

টীয়কৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ঠেৰেঙা লগা জাৰত কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আমৰণ অনশন কেইজনমান যুৱকৰ।

জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো সন্মুখত লৈ কোনোকাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি নলওঁ বুলি কাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে যুৱককেইজনে।