আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰ নগৰস্থিত ৰাইজৰ দলৰ কাৰ্যালয়ত সোমবাৰে এক সংবাদমেল সম্বোধন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। এক জানুৱাৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিৱসাগৰৰ বিধায়ক গৰকীয়ে। জাতীয় বিষয়ত চৰকাৰখনে আপোচ কৰা কথাটো মুখ্যমন্ত্ৰীৰ এক জানুৱাৰীৰ সংবাদমেলাৰ ভাষ্যত স্পষ্ট হোৱা বুলি মন্তব্য কৰি চৰকাৰক তীব্ৰ সমালোচনা অখিল গগৈৰ।

অখিল গগৈয়ে কয় যে ২০২২ চনত বিজেপি চৰকাৰে যে একো নকৰে সেয়া স্পষ্ট হৈ পৰাৰ লগতে চৰকাৰখন দেউলীয়া হোৱাৰ ছবিখনো মুখ্যমন্ত্ৰীৰ সংবাদমেলত ওলাই পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ বিষয়েহে ক’লে, ৰাজ্য চৰকাৰৰ নিজাকৈ একো পৰিকল্পনা নাই বুলি সংবাদ মেলত ৰাজ্য চৰকাৰখনক তীব্ৰ সমালোচনা কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

চৰকাৰখনে বিধায়কৰ পুঁজিকে মুকলি কৰি দিবলৈ সক্ষম হোৱা নাই বুলিও চৰকাৰৰ কটাক্ষ কৰে বিধায়ক অখিল গগৈয়ে। অসম বিধানসভাৰ শীতকালীন অধিৱেশন মিছা কথা কৈ পাৰ কৰা বুলিও সংবাদমেলত বিধায়ক অখিল গগৈয়ে অভিযোগন কৰে। চৰকাৰখনে ধাৰলৈ সকলো চলাই আছে বুলি উল্লেখ কৰি মেডিকেল কলেজ নিৰ্মাণৰ নামতো আভুৱা ভৰাৰ অভিযোগ বিধায়ক অখিল গগৈৰ।

কোনখন মেডিকেল কলেজ ৰাজ্য চৰকাৰৰ ধনেৰে নিৰ্মাণ কৰি উন্নত চিকিৎসা দিব পাৰিছে বুলিও শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰশ্ন কৰে।শিৱসাগৰ অসামৰিক চিকিৎসালয়ক চিকিৎসা মহাবিদ্যালয় ঘোষণা কৰিব লাগিব। অন্যথা আন্দোলন কৰা হ’ব বুলি সংবাদমেলত হুংকাৰ দিয়ে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে।‌

মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ দিয়াৰ নামতো ৰাজ্যৰ মহিলা সকলক প্ৰতাৰণা কৰাৰ অভিযোগ বিধায়ক অখিল গগৈৰ। চৰকাৰখনে ১৬৭ কোটি টকাৰ কৰ সংগ্ৰহ কৰিলে হেলমেট পৰিধান নকৰা সকলৰ পৰা। সকলোফালে চৰকাৰখনৰ কৰৰ সন্ত্ৰাস বুলিও মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে। কেন্দ্ৰই অসমক বিশেষ ৰাজ্যৰ মৰ্যদা নিদিয়া বাবে ৪০ ৰ পৰা ৫০ হাজাৰ কোটি টকা অসমে হেৰুৱাইছে বুলিও কয় শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।