কিশোৰ মিশ্ৰা
কোকৰাঝাৰ : কোকৰাঝাৰত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰী সকলৰ ক’ভিড প্ৰতিষেধক প্ৰদান অভিযানৰ শুভৰাম্ভ। বন্তি প্ৰজ্বলন কৰি ক’ভিড পৰিষেধক প্ৰদান কাৰ্যসূচীৰ শুভৰাম্ভ কৰিলে প্ৰমোদ বড়োই। বিটিআৰৰ চাৰি জিলাত ক’ভিড পৰিষেধক প্ৰদানৰ এই বিশেষ অভিযান সফল কৰা হ’ব বুলি মন্তব্য প্ৰমোদ বড়োৰ।

অসম চৰকাৰৰ নিদেৰ্শত ৰাজ্যজুৰি সোমবাৰৰ পৰা আৰম্ভ হৈছে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰী সকলক শিক্ষানুষ্ঠানতে ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা বিশেষ অভিযান। কোকৰাঝাৰ জিলাখনতো ক’ভিড প্ৰতিষেধক প্ৰদানৰ এই বিশেষ অভিযান আনুষ্ঠানিকোভাৱে শুভৰাম্ভ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই।

কোকৰাঝাৰ চহৰৰ বিজ্ঞান মহাবিদ্যালয়ত এক অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰী সকলক ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা অভিযান বন্তি প্ৰজ্বলন কৰি শুভৰাম্ভ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই। উল্লেখ্য যে, প্ৰমোদ বড়োই শুভৰাম্ভ কৰা অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে আৰু উপায়ুক্ত বৰ্ণালি ডেকা।

এই বিশেষ অনুষ্ঠানত স্থানীয় বিধায়ক লৰেন্স ইছলাৰী আৰু বিটিচিৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক জে ই আহমেদো উপস্থিত থাকে। অনুষ্ঠানত প্ৰমোদ বড়োই কয় যে বিটিআৰৰ চাৰিখন জিলাত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰী সকলৰ ক’ভিডৰ প্ৰতিষেধক প্ৰদানৰ এই বিশেষ অভিযান নিদ্ধাৰিত সময়ত সাফল্যমণ্ডিত কৰি তোলা হ’ব।