জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথত ভোগালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি। ভোগালী বিহুলৈ মাজত মাথোঁ কেইটিমান দিন বাকী, ৰাজ্যবাসী এতিয়া ব্যস্ত হৈ পৰিছে হেঁপাহৰ ভোগালীক আদৰিবলৈ। গাঁৱে ভূঞে চহৰে নগৰে এতিয়া ৰাইজে ভোগালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে।

বিশ্বনাথবাসী ৰাইজো প্ৰস্তুত হেঁপাহৰ ভোগালীক আদৰি অনাৰ বাবে, সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো দেখা গ’ল ভোগালীক আদৰাৰ প্ৰস্তুতিত। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটসমূহ এতিয়া ব্যস্ত হৈ পৰিছে ভোগালী জলপানৰ বিপনী দিয়াত।

নতুন বৰ্ষৰ উদযাপনৰ পিছতে চমু চাপিলে ভোগালী বিহু। ভোগৰ ভোগ ভোগালী বিহুত উভৈনদী হৈ পৰা খেতিৰ ফচল চপাই সকলোৱে মিলি এসাঁজ খোৱাৰ বাবে ব্যস্ত হৈ পৰে এই ভোগালী বিহুত। সকলো ব্যস্ত হৈ পৰে ভোগালী জলপান তৈয়াৰ কৰাত। কিন্তু, ঘৰৰ ৰান্ধনী শালত নহয় এগৰাকী বিক্ৰেতা হিচাপে ব্যস্ত হৈ পৰিছে বিশ্বনাথৰ একাংশ গৃহিণী তথা মহিলা-যুৱতী।

বিশ্বনাথ উন্নয়ন খণ্ডৰ অন্তৰ্গত কেইবাটাও আত্মসহায়ক গোটসমূহত নিয়োজিত হৈ থকা একাংশ মহিলা আত্ম সংস্থাপনৰ লগতে থলুৱা পদ্ধতিৰে ভোগালী জলপান লৈ ৰাইজৰ বাবে মুকলি কৰিছে বজাৰত। বিভিন্ন প্ৰকাৰৰ জলপান তৈয়াৰ কৰি ভোগালী বিহুৰ প্ৰাক ক্ষণত এতিয়া মহিলা সকল বিক্ৰেতা হিচাপে ব্যস্ত হৈ পৰিছে বিশ্বনাথ নগৰৰ মাজমজিয়াত।