গোঁসাইহাত, ১৪ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ গোঁসাইহাতত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত যুৱতী। প্ৰাপ্ত তথ্য মতে, যোৱাকালি দক্ষিণ কামৰূপৰ গোসাঁহাতৰ এটা পথত যুৱতীগৰাকীয়ে অকলশৰে ঘূৰি-ফুৰিছিল৷ যুৱতীগৰাকীক অনাই-বনাই ঘূৰি-ফুৰা দেখা পাই গোসাঁইহাতৰ স্থানীয় লোকৰ সন্দেহ হোৱাত পলাশবাৰী আৰক্ষী থানাত খবৰ দিয়ে৷ পলাশবাৰী আৰক্ষী থানাই খবৰ লাভকৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীজনীক থানালৈ লৈ আহে৷ আৰক্ষীৰ সোধ-পোছত যুৱতীগৰাকীয়ে তেওঁৰ বয়স ১৭ বছৰ বুলি জানিবলৈ দিয়ে। যুৱতীগৰাকী নাবালিক হোৱাত পলাশবাৰী আৰক্ষী থানাই ৰাণী চাইল্ড লাইনক খবৰ দিয়ে৷ ৰাণী চাইল্ড লাইনে যুৱতীগৰাকীক আৰক্ষীৰ সহযোগত তেওঁলোকৰ বৰিহাটস্থিত কাৰ্যালয়লৈ লৈ আহে৷ যুৱতীগৰাকীয়ে সদৰি কৰা মতে তেওঁৰ নাম পিংকি টামাং, চিলাপথাৰত ঘৰ আৰু তেওঁৰ পিতৃ-মাতৃ নাই৷ চাইল্ড লাইনে যুৱতীগৰাকীক সোধ-পোছত লাভ কৰা তথ্য মতে পিংকিয়ে ৰাস্তা ভুল কৰি সেই ঠাইত উপস্থিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে৷ চাইল্ড লাইনে যুৱতীগৰাকীৰ আত্মীয়ক ৰাণী চাইল্ডলাইনৰ ইকুপৰ্ণা দাস আৰু মুস্তাফা আলি নতুবা ৮৮৭৬৬-৮৩৫২৬ আৰু ৭৫৭৬৮-০৫২৮৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷