গুৱাহাটী, সংবাদ ৩৬৫, ১৬ জুলাই : সমগ্ৰ ৰাজ্যত এতিয়া বানৰ প্ৰলয় । মহাপ্ৰলয়ৰ ৰূপ লৈছে বানপানীয়ে। ২৫ লক্ষাধিক লোকে ককবকাইছে বাঢ়নীপানীত। ঘৰ-বাৰী, খেতিপথাৰ পানীৰ তলত। আশ্ৰয়, খাদ্য আৰু খোৱাপানীৰ সংকট। বানেধোৱা অসমত এতিয়া হাহাকাৰ পৰিস্থিতি।

প্ৰকৃতিৰ এই তাণ্ডৱৰ মাজতে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল কৃষক নেতা অখিল গগৈ । অখিল গগৈৰ অভিযোগ বানাক্ৰান্তৰ সহায়ৰ বাবে চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই । যিদৰে অসমৰ সম্পদক চৰকাৰে ৰাষ্ট্ৰীয় সম্পদ হিচাপে গণ্য তেনেদৰে ৰাজ্যৰ আটাইতকৈ ভয়াৱহ সমস্যা গৰাখহনীয়া আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। বানপীড়িতক উদ্ধাৰ আৰু পৰ্যাপ্ত সাহাৰ্য প্ৰদানত চৰকাৰ ব্যৰ্থ হৈছে বুলি কয় কৃষক নেতাগৰাকীয়ে।

আনহাতে, সকলো কৃষক কৰ্মীকে একলগ হৈ ৰাজ্যৰ এই দুৰ্যোগৰ বন্যাৰ্তৰ সহায়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনাই গগৈয়ে। ইফালে শেহতীয়াকৈ অসম চৰকাৰে বানাক্ৰান্তৰ বাবে ৰাইজৰ পৰা সাহাৰ্য বিচৰা কাৰ্যক তীব্ৰ সমালোচনা অখিল গগৈৰ । অখিল গগৈৰ মন্তব্য এই কাৰ্যই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ।

ইয়াৰোপৰি বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত অসমৰ সকলো সাংসদকে সংসদত দাবী উত্থাপন কৰিবলৈ আহ্বান জনাই কৃষক নেতা গৰাকীয়ে ।