নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ জুলাই : কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিঙ শেখাৱটে আজি পুৱা ডিব্ৰুগড়ত উপস্থিত হৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ লয় ।

মঙ্গলবাৰে পুৱা গুৱাহাটীৰ পৰা বিমানযোগে মোহনবাৰীস্থিত ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰেৰে মাজুলীলৈ ৰাওনা হয়। যাত্ৰা পথত তেওঁ উজনি অসমৰ বান প্ৰভাৱিত জিলাসমূহৰ পৰিস্থিতিৰ বুজ লয় ।

পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্য চৰকাৰৰ জলসম্পদ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আদি বিভাগৰ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী শ্ৰী ভবেশ কলিতা,ডিব্ৰুগড়ৰ বিধায়ক শ্ৰী প্ৰশান্ত ফুকন, ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱ , জলসম্পদ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, মুখ্য অভিযন্তা বৰছিঙ ৰংপি উপস্থিত থাকে ।