নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৭ জুলাই : পানীৰ তলত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ মাজতে গঁড় হত্যা ।কাঞ্চনজুৰি বন শিবিৰত চোৰাং চিকাৰীৰ হাতত প্ৰাণ গ’ল এটা গঁড়ৰ।

উল্লেখযোগ্য যে ৰাজ্যচৰকাৰে গঁড় হত্যা ৰোধ কৰিবলৈ গ্ৰহণ কৰিছিল এক বিশেষ পদক্ষেপ। নিযুক্তি দিছিল গঁড় সুৰক্ষা বাহিনীৰ এক বিশেষ জোৱানৰ দল । শাৰীৰিক প্ৰশিক্ষণেই নহয় মানসিকভাৱেও সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছিল গঁড় সুৰক্ষা বাহিনীৰ জোৱান । প্ৰথমবাৰৰ বাবে গঁড় হত্যা বন্ধ কৰিবলৈ উন্নত মানৰ অস্ত্ৰ-শস্ত্ৰ তথা প্ৰশিক্ষণেৰে সাজু কৰি তোলা হৈছিল গঁড় সুৰক্ষা বাহিনীৰ জোৱান।

নগাঁওৰ বঢ়মপুৰত প্ৰায় ৪২ সপ্তাহে নৱম আৰক্ষী বাহিনীত প্ৰশিক্ষণপ্ৰাপ্ত ৮২ জনকৈ জোৱানৰ উপস্থিতত পুনৰ কিদৰে চোৰাং চিকাৰীয়ে হত্যা কৰিবলৈ পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় । নে নামতহে আছে ইস্পেচিয়েল ৰাইন’ প্ৰটেকচন ফৰ্চ ।