গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ছেপ্টেম্বৰ : ওৱান নেশ্যন, ওৱান লেংগুৱেজ মানি লোৱা নহ’ব । সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি অমিত শ্বাহৰ ওৱান নেশ্যন, ওৱান লেংগুৱেজৰ সন্দৰ্ভত এনেদৰে কয় অখিল গগৈয়ে । গগৈয়ে কয় যে এক ৰাষ্ট্ৰ, এক ভাষা হ’বলৈ হ’লে দক্ষিণ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ দখলত ৰাখিব নোৱাৰিব ।

ভাৰতবৰ্ষত হিন্দীভাষীৰ বাহিৰেও বিভিন্ন জাতি আছে আৰু সকলোৱে নিজৰ নিজৰ মাতৃভাষা কয় । গতিকে এইয়া মানি লোৱা সম্ভৱ নহয় ।

কোনো প্ৰকৃত অসমীয়াই বিজেপি আৰু আৰ এছ এছৰ সিদ্ধান্ত মানি নলয় । যিদিনা ভাৰত চৰকাৰে এক ৰাষ্ট্ৰ এক ভাষাৰ আদৰ্শৰে ভাৰতত হিন্দী ভাষা জাপি দিব সেইদিনাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিব । এই প্ৰতিবাদ কিমান দূৰ পৰ্যন্ত যাব সেইয়া চৰকাৰে কল্পনা কৰিব নোৱাৰিব । এনেদৰে অমিত শ্বাহৰ ওৱান নেশ্যন, ওৱান লেংগুৱেজ সন্দৰ্ভত ক্ষোভ উজাৰে গগৈয়ে ।

গগৈয়ে কয় যে ওৱান নেশ্যন, ওৱান লেংগুৱেজ জাপি দি বিজেপি চৰকাৰে আঞ্চলিক ভাষা বিলুপ্ত কৰিব বিচাৰিছে । নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু আৰ এছ এছ লগ হৈ ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বনাব বিচাৰিছে ।