গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ছেপ্টেম্বৰ : চাহ শ্ৰমিকৰ বোনাচৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি কয় যে ২০১৯ ৰ ২০ আগষ্ট তাৰিখে চি চি পি এ সংবাদমেল পাতি চাহ শ্ৰমিকক ৮.৩৩ শতাংশ বুনাচ দিয়াৰ প্ৰসংগটো মানি লোৱা নহ’ব । এনে কৰিলে পূৰ্বৰ তুলনাত শ্রমিকসকলে ৬০০০ টকাতকৈ বেছি কম বোনাচ পাব । এইয়া চাহ শ্ৰমিকসকলৰ প্ৰতি কৰা অন্যায়েই নহয় এইয়া সমগ্ৰ সমাজখনৰ প্ৰতি কৰা অন্যায় ।

সংবাদমেলত অখিল গগৈয়ে আৰু কয় যে বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকসকলক ২৫০০ কৈ দুবাৰ প্ৰদান কৰিছিল আৰু এতিয়া এই টকা বিজেপি আৰু আৰ এছ এছৰ পৃষ্ঠাপোষকতাত মালিক পক্ষই কাঢ়ি লব খুজিছে ।ইয়াৰোপৰি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকসকলক তেওঁলোকৰ দৈনিক মজুৰি ৩৫০ টকা হ’ব বুলি কৈছিল যদিও বৰ্তমানেও তেওঁলোকৰ মজুৰি ১৬৬ টকাই আছে । চৰকাৰে ৰাম ঠগন দিছে চাহ শ্ৰমিকসকলক । চাহ শ্ৰমিকসকলক লৈ ৰাজনীতি কৰিছে বিজেপি চৰকাৰে।

ইফালে বাগানৰ মালিকপক্ষই শ্ৰমিকসকলৰ মজুৰি চাহ উদ্যোগৰ আৰ্থিক সংকটৰ বাবে বঢ়াব পৰা নাই বুলি কোৱাৰ সন্দৰ্ভত কয় যে এইয়া এক ভুৱা অপপ্ৰচাৰহে ।

চাহ শ্ৰমিকসকলে যদি তেওঁলোকৰ প্ৰাপ্য মজুৰি নাপায় তেনেহলে অচিৰেই ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে ।