গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰায় ১০ বছৰৰ আগৰ পৰিকল্পনা আৰু তিনিবছৰযোৰা পৰিশ্ৰমৰ অন্তত মুকলি কৰা হ’ল এখন বিশেষ নাওঁ । ৯৫%বাঁহেৰে নিৰ্মিত নাওঁ ‘ভেটাছা’ ।

প্ৰায় ১০ বছৰৰ আগতেই বাঁহেৰে নিৰ্মান কৰা এখন নাওঁৰ পৰিকল্পনা কৰিছিল অভিযন্তা তিলক মহন্তই । আৰু ইয়াৰ পাছতেই ৩ বছৰ যোৰা পৰিশ্ৰমৰ পাছত নিৰ্মান কৰি উলিয়ায় ভেটাছাক।
এই ভেটাছা বাঁহেৰে নিৰ্মান কৰাৰ বাবে যথেষ্ট বাধাৰো সন্মুখীন হৈছিল ।

মহানগৰীৰ মাছখোৱা লাচিত ঘাটত দেওবাৰে অনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ভেটাছাৰ । এই ভেটাছাত বিভিন্ন প্ৰকাৰৰ চাহৰ উপৰিও থলুৱা পিঠা,লাডু আদিৰো জুতি ল’ব পাৰিব ।

উল্লেখযোগ্য যে এই নাওঁখন সম্পূৰ্ণ নিজৰ ধনেৰে প্ৰস্তুত কৰিছে অভিযন্তাগৰাকীয়ে । এই নাওঁত পৰম্পৰাগত থলুৱা পিঠা, লাডুৰ উপৰিও পাব জলপান, শাক-পাচলি, হস্ত নিৰ্মিত বিভিন্ন সামগ্ৰী, হাতেৰে বোৱা কাপোৰ ।

মুঠৰ ওপৰত মহানগৰীৰ সৌন্দৰ্য পিপাশু মানুহে এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰি বিভিন্ন ধৰণৰ থলুৱা পিঠা-পনাৰে সৈতে সোৱাদ লব পাৰিব বিভিন্ন প্ৰকাৰৰ চাহৰ।