হাটশিঙিমাৰী : হাটশিঙিমাৰীত অল ইণ্ডিয়া ডেমক্ৰেটিক ষ্টুডেণ্ট অৰগেনাইজেশ্বনৰ ছাত্ৰ সমাৱেশ। জাতীয় শিক্ষানীতি ২০২০ বাতিল কৰাৰ দাবী অল ইণ্ডিয়া ডেমক্ৰেটিক ষ্টুডেণ্ট অৰগেনাইজেশ্বনৰ। শিক্ষাক গেৰুৱাকৰণ কৰি সাম্প্ৰদায়িকতা আৰম্ভ কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সংগঠনটোৰ।

দেশত জাতীয় শিক্ষানীতি ২০২০ বাতিলৰ দাবীত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী প্ৰেছ ক্লাব প্ৰাঙ্গনত অল ইণ্ডিয়া ডেমক্ৰেটিক ষ্টুডেণ্ট অৰগেনাইজেশ্বনৰ এক ছাত্ৰ সমাৱেশ অনুষ্ঠিত হয়। অল ইণ্ডিয়া ডেমক্ৰেটিক ষ্টুডেণ্ট অৰগেনাইজেশ্বন চমুকৈ এআইডি এছঅ’ৰ আহ্বানত গোৱালপাৰা, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা কমিটিৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা এই ছাত্ৰ সমাৱেশত মুখ্য বক্তা হিচাপে উপস্থিত থাকে সৰ্ব ভাৰতীয় সাধাৰণ সম্পাদক সৌৰভ ঘোষ।

এই সমাৱেশত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ৰাজ্যিক কমিটিৰ সভাপতি প্ৰাঞ্চল সুদীপ দেৱ, সদৌ অসম এ আইডিএছঅ’ৰ উপ-সভাপতি মহিবুল ইছলাম। এই সমাৱেশৰ জৰিয়তে জাতীয় শিক্ষানীতিক চূড়ান্ত শিক্ষাবিৰোধী শিক্ষা নীতি বুলি অভিহিত কৰি শিক্ষা নীতি ২০২০ বাতিলৰ দাবী জনায় অল ইণ্ডিয়া ডেমক্ৰেটিক ষ্টুডেণ্ট অৰগেনাইজেশ্বনে। সমাৱেশৰ জৰিয়তে মুঠ ১১ টা দাবী চৰকাৰে পুৰণ কৰাৰ দাবী উত্থাপন কৰি চৰকাৰক কঠোৰ সমালোচনা কৰে ছাত্ৰ সংগঠনটোৱে।

চৰকাৰে দেশত শিক্ষা ব্যৱস্থাক গেৰুৱাকৰণ কৰাৰ লগতে সাম্প্ৰদায়িকতাৰ শিক্ষা আৰম্ভ কৰাৰো অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৰ সৰ্বভাৰতীয় কমিটিৰ সাধাৰণ সম্পাদক সৌৰভ ঘোষে। অনহাতে চৰকাৰে অসমত মাদ্ৰাছা শিক্ষা বন্ধ কৰি গীতা, ভাগৱত আদি বিদ্যালয় আৰম্ভণিতে পাঠ কৰাৰ ব্যৱস্থা লোৱাটো শিক্ষাক গেৰুৱাকৰণ কৰাৰ লগতে চৰকাৰে সাম্প্ৰদায়িক শিক্ষা আৰম্ভ কৰা বুলি সদৌ অসম এআইডি লএছঅ’ৰ ৰাজ্যিক সভাপতি প্ৰাঞ্জল সুদীপ দেৱে মন্তব্য কৰে।