আজিজ আলী

মুকালমুৱা : নালবাৰীত নিচাজাতীয় দ্ৰব্যসহ আটক এজন যুৱক। নলবাৰীৰ জিলিঙনি চ’কত নিচাজাতীয় দ্ৰব্যসহ আটক এজন যুৱক। নলবাৰী আৰক্ষীৰ তালাচীত নিচাজাতীয় দ্ৰব্যসহ জালত পৰা যুৱকজনৰ নাম আলাউদ্দিন। 

ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্য আগত ৰাখি অসম আৰক্ষীয়ে চলাই নিয়া ড্ৰাগছ বিৰোধী অভিযানত প্ৰতিদিনেই নিচাজাতীয় দ্ৰব্যসহ ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে। ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিছে এটাৰ পিছত আনটো বৃহৎ সাফল্য।

নৱবৰ্ষৰ দ্বিতীয়টো দিনা নালবাৰী আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত লাভ কৰিলে এক বৃহৎ সাফল্য। দেওবাৰে সন্ধিয়াৰ ভাগত নলবাৰীৰ জিলিঙনি চ’কত নলবাৰী আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। জিলিঙনি চ’কত তালাচী চলাই আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যসহ আলাউদ্দিন নামৰ এজন যুৱকক আটক কৰে।

নলবাৰী সদৰ থানাত কৰ্মৰত দ্বীপজ্যোতি শৰ্মাৰ নেতৃত্বত এক গোপন সুত্ৰৰ পম খেদি জিলিঙনি চ’কত আৰক্ষীয়ে এখন মটৰ চাইকলত তালাচী চলাই নিচাজাতীয় দ্ৰব্যসহ যুৱকজনক আটক কৰে। আলাউদ্দিন নামৰ যুৱকজনে সৰ্থেবাৰীৰ পৰা এএছ-১৪-এইচ-৯৮৩৭ নম্বৰৰ পালচাৰ বাইকত আহি থাকোতে নলবাৰী আৰক্ষীয়ে আটক।