আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক
শিৱসাগৰ : বীৰ লাচিত সেনাৰ জোঁৰ সমদল কাৰ্যসূচীত বাধা শিৱসাগৰ আৰক্ষীৰ। শৃংখল চলিহাৰ লগতে সংগঠনৰ প্ৰায় ১৫ গৰাকী বিষয়ববীয়া আৰু কৰ্মীক আটক কৰিলে শিৱসাগৰ আৰক্ষীয়ে। অসম লোকসভা আয়োগৰ পৰীক্ষা পৰা অসমীয়া ভাষাক প্ৰত্যাহাৰ কৰাৰ বিৰোধিতা বীৰ লাচিত সেনাৰ।

সোমবাৰে সন্ধিয়া ৫ বজাৰ পৰা ৬ বজালৈকে বীৰ লাচিত সেনাই কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ উদ‍্যোগত “অসমীয়া ভাষা ৰক্ষাৰ স্বাৰ্থত সংকল্প শিখা জোঁৰ সমদল” উলিওৱাৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছিল। অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাক প্ৰত্যাহাৰ কৰাৰ বিৰুদ্ধে বীৰ লাচিত সেনাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ নগৰৰ কে পি চাৰিআলিস্থিত কালিপ্ৰসাদ মেমৰিয়েল হল প্ৰাঙ্গনৰ পৰা এই জোঁৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গোটখাইছিল সংগঠনৰ অৰ্ধশতাধিক কৰ্মী সকল। কিন্ত জোঁৰ সমদলৰ পূৰ্বে শিৱসাগৰ নগৰৰ কে পি চাৰিআলি পৰিৱৰ্তিত হৈছিল আৰক্ষী চাউনী ৰূপে।

আৰক্ষীয়ে এই জোঁৰ সমদল উলিওৱাত বাধা প্ৰদান কৰে। আৰক্ষীৰ বাধা প্ৰদানকলৈ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে গণতন্ত্ৰৰ হত্যা কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈ নিজৰ ফেচিষ্ট চৰিত্ৰ উদঙাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি দলৰ চৰকাৰখনে। অৱশেষত শৃংখল চলিহাৰ লগতে সংগঠনৰ প্ৰায় ১৫ গৰাকী বিষয়ববীয়া আৰু কৰ্মীক শিৱসাগৰ আৰক্ষীয়ে আটক কৰে।