গহপুৰ : নিজ সন্তানক হত্যা কৰাৰ অভিযোগ এজন পিতৃৰ বিৰুদ্ধে (Father Killed Son)। এবছৰীয়া সন্তানৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ পিতৃ। জন্ম দিনৰ বাবে পিতৃৰ সৈতে বজাৰলৈ গৈ উভতি নাহিল এবছৰীয়া সন্তানটি। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চেপা উত্তেজনা।

গহপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। পিতৃৰ বিৰুদ্ধে নিজ এবছৰীয়া সন্তানক হত্যা কৰা অভিযোগ উত্থাপন হৈছে। শচীন বৰদলৈ নামৰ লোকজনৰ এবছৰীয়া পুত্ৰ সন্তান পৰাগজ্যোতি বৰদলৈৰ বৃহস্পতিবাৰে আছিল জন্মদিন। জন্মদিন উপলক্ষে বুধবাৰে সন্ধিয়াৰ ভাগত পিতৃ শচীন বৰদলৈৰ সৈতে বজাৰলৈ ওলাই গৈছিল পৰাগজ্যোতি বৰদলৈ। কিন্ত বৃহস্পতিবাৰে পৰাগজ্যোতি বৰদলৈৰ মৃতদেহ উদ্ধাৰ হয় পথাৰত।

গহপুৰৰ কোকিলা পথাৰত এবছৰীয়া পৰাগজ্যোতি বৰদলৈৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল শচীন বৰদলৈ। শুকুৰবাৰে পুৱতি নিশা প্ৰয়া ৩ বজাৰ শচীন বৰদলৈ ঘৰলৈ ঘূৰি আহে। শচীন বৰদলৈৰ হাতত এখন দা আছিল ফলত পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰে যে শচীন বৰদলৈয়ে এবছৰীয়া সন্তানটিক হত্যা কৰিছে। পৰৱৰ্তী সময়ত গাঁৱৰ ৰাইজে শচীন বৰদলৈক আটক কৰি আৰক্ষীক গতাই দিয়ে।

আৰক্ষীয়ে শচীন বৰদলৈক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় “হত্যাকাণ্ড সংঘটিত কৰি শচীন বৰদলৈ চিমেনচাপৰিলৈ যায় আৰু শুকুৰবাৰে পুৱতি নিশা ঘূৰি আহে। পিতৃয়ে এবছৰীয়া সন্তানটিক হত্যা কৰা বুলি মাতৃয়ে অভিযোগ উত্থাপন কৰিছে। মাতৃৰ অভিযোগৰ ভিত্তিতে শচীন বৰদলৈক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তৰ পিছতে ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।”

শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱা ঠাইৰ ওচৰতে বজাৰৰ মোনাৰ সৈতে এখন চাইকেল উদ্ধাৰ হৈছে। ইফালে হত্যাকাৰি পিতৃৰ উচিত শাস্তিৰ দাবীত গহপুৰ আৰক্ষী থানাত স্থানীয়লোকে এক উত্তাল পৰিৱেশ সৃষ্টি কৰে। শিশুটিৰ মাতৃয়ে জানিবলৈ দিয়ে যে শচীন বৰদলৈয়ে পূৰ্বেও কেইবাজনো লোকক হত্যাৰ ভাবুকি দিছিল। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।