নলবাৰী : এখন বিয়া, ৰাজ্যজুৰি বিয়াখনকলৈ চৰ্চা (Nalbari Marriage)। বিয়াখনৰ এক বিশেষ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে। হোমৰ গুৰিত দৰাৰ অৱস্থা দেখি কইনা ঘৰৰ লোকৰ মূৰৰ ওপৰত ভাঙি পৰিছিল আকাশ। কইনাই নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বিবাহ ভাঙিলে। কইনাৰ সিদ্ধান্তত সকাহ পালে কইনা ঘৰৰ লোকেও।

নলবাৰী জিলাৰ বৰখানাজানৰ এখন বিবাহত হোমৰ গুৰিত বহি থকা দৰাৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে। হোমৰ গুৰিত দৰা বহিছে নে শুইছে ধৰিবই নোৱাৰি। দৰা ঘৰৰ লোকেও দৰাক বহুৱাই ৰাখিছে নোৱাৰে, বাৰে বাৰে দৰা শুই পৰে হোমৰ গুৰিত। আচলতে দৰাৰ এই অৱস্থা হৈছে গুলপীয়া নিচাৰ বাবেহে। ডিঙিলৈকে মদ্যপান কৰি কইনা নিবলৈ আহি দৰাৰ এই অৱস্থা।

হোমৰ গুৰিত দৰাৰ অৱস্থা দেখি কইনা ঘৰৰ লোকৰ মূৰৰ ওপৰত আকাশ ভাঙি পৰিল। কিন্তু তৎক্ষণাত কইনাই লোৱা এক সাহসী সিদ্ধান্তই সকাহ দিলে সকলোকে। কইনা বিয়াখন ভাঙি দিয়াৰ সিদ্ধান্ত ল’লে। ইয়াৰ পিছতে গাঁও প্ৰধান আৰু স্থানীয় ৰাইজে মিলি স্থগিত কৰিলে বিয়াখন।

মদ্যপান কৰি অহা দৰাজন গোপালবজাৰৰ প্ৰসেনজিৎ হালৈ। এই সন্দৰ্ভত কইনা ঘৰৰ এগৰাকী আত্মীয়ই কয় “বৰযাত্ৰীক যিখিনি আপ্যায়ন কৰিব লাগে আমি কৰিলোঁ। দৰা আৰু দৰাৰ অভিভাৱক হিচাপে অহা দেউতাকেও মাদক দ্ৰব্য সেৱন কৰি অহাৰ ফলত গাড়ীৰ পৰা নামিব পৰা অৱস্থাত নাছিল। পৰিস্থিতি দেখি কইনাৰ দেউতাকৰ মনত অশান্তিৰ সৃষ্টি হোৱাৰ বাবে কইনাই নিজেই বিয়া নোহোৱাৰ সিদ্ধান্ত লয়। কইনাৰ সিদ্ধান্তকে মানি আমি গাঁও প্ৰধান আৰু আৰক্ষীক খবৰ দিওঁ।”

বিয়াখন ভাঙি যোৱাত অতিকে মৰ্মাহত হৈছে কইনাৰ পিতৃ। বৰ্তমান কইনাৰ পিতৃ চিকিৎসাধীন অৱস্থাত আছে বুলিও জানিব পৰা গৈছে। কইনা পক্ষই ইতিমধ্যে বিষয়টো ঘটনা সন্দৰ্ভত নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে। এইফালে মদ্যপান কৰি দৰাই বিয়া কৰিবলৈ অহা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কইনা পক্ষই এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় ইয়াৰ কামনা কৰিছে।