গুৱাহাটী : বিজেপি চৰকাৰখনক পুনৰ আক্ৰমণ অসম জাতীয় পৰিষদৰ (Assam Jatiya Parisdhad)। আঞ্চলিক ৰাজনৈতিক দলৰ ওপৰত বিজেপিয়ে দমননীতি চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে। পাহাৰীয়া জিলা কাৰ্বি আংলংৰ আঞ্চলিক ৰাজনৈতিক দল এ পি এইছ এল চিৰ কাৰ্যসূচীত বিজেপিয়ে দমননীতি চলোৱাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ এই নীতিক গৰিহণা দিছে অসম জাতীয় পৰিষদে।

কাৰ্বি আংলং জিলাৰ অন্যতম বিৰোধী আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলচ্ লিডাৰ কনফাৰেঞ্চ চমুকৈ এ পি এইছ এল চিয়ে দীৰ্ঘসময় ধৰি অসমৰ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং আৰু ডিমা হাচাও এই তিনিখন জিলাৰ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৪৪ (ক) ধাৰাৰ খিলঞ্জীয়া জনগণৰ সাংবিধানিক অধিকাৰ সুৰক্ষাৰ হকে সংগ্ৰাম কৰি থকা বুলি অসম জাতীয় পৰিষদে অভিহিত কৰে। আঞ্চলিক দলটোৰ সংগ্ৰামৰ অংশ স্বৰূপে যোৱা ২৪ ফেব্ৰুৱাৰী তাৰিখে দলটোৱে কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ ৰংখাং সমষ্টিৰ অন্তৰ্গত সাতগাঁৱত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সংবিধান অনুসৰি জনগোষ্ঠীটোৱে ন্যায্য প্ৰাপ্যৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে এখন গণ সমাবেশ অনুষ্ঠানৰ আয়োজন কৰিছিল। শান্তিপূৰ্ণভাৱে আয়োজিত হোৱা এই সমাবেশত শাসকীয় দল বিজেপিৰ দমন নীতিৰ অনুসৰি কাৰ্বি আংলং জিলা প্ৰশাসন আৰু আৰক্ষীয়ে সমাবেশখনিৰ সফল ৰূপায়ণত বাধাৰ সৃষ্টি কৰে বুলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে।

সম্পূৰ্ণ শান্তিপূৰ্ণ তথা গণতান্ত্ৰিকভাৱে চলি থকা প্ৰতিবাদ সমাবেশ এটাত অকাৰণতে আৰক্ষী প্ৰশাসনে তাত উপস্থিত প্ৰীতিবাদকাৰীসকলৰ ওপৰত লাঠীচালনা কৰে। লগতে অতি দুৰ্ভাগ্যজনকভাৱে মহিলা প্ৰতিবাদকাৰীৰ ওপৰতো শাৰীৰিক আক্ৰমণ কৰে বুলি অসম জাতীয় পৰিষদৰ ফালৰ পৰা কোৱা হৈছে। ইয়াৰ লগতে একাংশ প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ নিক্ষেপ কৰে। অসম জাতীয় পৰিষদে আৰক্ষী প্ৰশাসনৰ উক্ত দমন নীতিৰ বিৰোধিতা কৰে আৰু গৰিহণা দিয়ে।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিযোগে কয় যে বিজেপিয়ে সদায় ক্ষমতাৰ অপপ্ৰয়োগ কৰি এনেদৰে আঞ্চলিক দলসমূহৰ দাবী দমন কৰিবলৈ আৰক্ষী বিভাগক অপব্যৱহাৰ কৰি আহিছে। অসম জাতীয় পৰিষদে বিজেপিৰ এই অগণতান্ত্ৰিক, স্বেচ্ছাচাৰী মানসিকতাৰে জাতীয়তাবাদী শক্তিক দমন কৰাৰ সদায় বিৰোধিতা কৰি আহিছে। কাৰ্বি আংলংৰ জাতীয়তাবাদী দলটোৰ এই কাৰ্যসূচীত চৰকাৰে লোৱা এই কঠোৰ দমননীতি তথা এই ঘটনাকো অসম জাতীয় পৰিষদে গৰিহণা দিছে। লগতে নিৰপৰাধ প্ৰতিবাদকাৰীসকলক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ বাবে দাবী জনাইছে।