আজিজ আলী

মুকালমুৱা : শৌচালয় নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত দুখীয়া ৰাইজৰ নামত আবন্টন হোৱা বহু শৌচালয় অৰ্ধনিৰ্মিত অৱস্থাতে আছে। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাকৈ ধন আত্মসাৎ কৰাৰ অভিযোগ দুখীয়া ৰাইজৰ।

প্ৰধানমন্ত্ৰী স্বচ্ছ ভাৰত মিচনৰ অন্তৰ্গত দুখীয়া ৰাইজক আবন্টন দিয়া শৌচালয় নিৰ্মাণৰ কামত কোটি কোটি টকাৰ দুৰ্নীতি হোৱাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হোৱা দেখিবলৈ পোৱা যায়। এইবাৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰীত চৰকাৰী শৌচালয় নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে।

সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী স্বচ্ছ ভাৰত মিচনৰ অন্তৰ্গত বহু দুখীয়া লোকৰ নামত আবন্টন দিয়া হৈছিল শৌচালয়। বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ মুগদি ৰামপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘোৰাঠাল গাঁৱতো বহু লোকৰ নামত আবন্টন দিয়া হৈছিল শৌচালয়।

এই চৰকাৰী শৌচালয় সমূহ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল দুটা বেচৰকাৰী সন্থাই। কিন্তু শৌচালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাকৈ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে বেচৰকাৰী সন্থা দুটাৰ বিৰুদ্ধে। শৌচালয় আবন্টন হোৱা বহু লোকৰ শৌচালয় নিৰ্মাণৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই।

অৰ্ধনিৰ্মিত অৱস্থাতে আছে বহু লোকৰ শৌচালয়। কাৰোবাৰ শৌচালয়ৰ বেৰ সম্পূৰ্ণ হৈছে যদিও শৌচালয়ৰ দৰ্জা নাই, কাৰোবাৰ আকৌ শৌচালয়ৰ বেৰ অৰ্ধনিৰ্মিত অৱস্থাতে আছে। এই ক্ষেত্ৰত হিতাধিকাৰী সকলে শৌচালয় নিৰ্মাণৰ দায়িত্ব লাভ কৰা বেচৰকাৰী স্থান দুটাৰ ওপৰত ক্ষোভ উজাৰিছে।

ভুক্তভোগী হিতাধিকাৰী সকলে অতি শীঘ্ৰে চৰকাৰক সমগ্ৰ ঘটনাৰ তদন্ত দাবী জনাইছে। শৌচালয় নিৰ্মাণৰ দ্বায়িত্ব লাভ কৰা বেচৰকাৰী সন্থা দুটাৰ সৈতে কোন কোন জড়িত অনুন্ধানত ওলাই পৰিব। এই ক্ষেত্ৰত চৰকাৰে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সময়তে পৰিলক্ষিত হ’ব।