নগাঁও : হয়বৰগাঁও আৰক্ষী থানাত মোবাইল ফোনৰ বজাৰ। হয়বৰগাঁও আৰক্ষী থানাৰ আৰক্ষীয়ে থানাত মেলি দিছে শতাধিক মোবাইল ফোন। সংবাদমেল অনুষ্ঠিত কৰি মোবাইল ফোন নিয়াৰ বাবে হয়বৰগাঁও থানালৈ আহিবলৈ আহ্বান জনাইছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

নগাঁৱৰ হয়বৰগাঁও আৰক্ষী থানাত শনিবাৰে থানাৰ ভিতৰত মোবাইল ফোনৰ বজাৰ দেখিবলৈ পোৱা যায়। আৰক্ষীয়ে শতাধিক মোবাইল ফোন মেলি দিয়ে থানাৰ ভিতৰত। অৱশ্যে হয়বৰগাঁও আৰক্ষীৰ এই মোবাইল ফোনৰ বজাৰত মোবাইল ফোন সমুহ বিক্ৰীৰ বাবে ৰখা হোৱা নাই যদিও হয়বৰগাঁও থানালৈ আহি মোবাইল ফোন চিনাক্ত কৰি লৈ যাবলৈ ৰাইজক আহ্বান জনায় নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

হয়বৰগাঁও আৰক্ষী থানাৰ এই মোবাইল ফোন সমূহ প্ৰকৃততে চুৰিৰ মোবাইল ফোন। নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যি সকল লোকৰ মোবাইল ফোন চুৰি হৈছে বা হেৰাইছে সেই সকল লোকক থানালৈ আহি তেওঁলোকৰ মোবাইল ফোন যদি আছে চিনাক্ত কৰি লৈ যাবলৈ আহ্বান জনাইছে। এতিয়া প্ৰশ্ন হ’ল চুৰিৰ এই শতাধিক মোবাইল ফোন কেনেকৈ আহিল হয়বৰগাঁও আৰক্ষী থানাত ?

হয়বৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰংগ পাটোৱাৰীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই চুৰিৰ এই মোবাইল ফোন সমূহ জব্দ কৰিছে। তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হয়বৰগাঁৱৰ এটা ভাড়া ঘৰত অভিযান চলাই চুৰিৰ শতাধিক মোবাইল ফোন জব্দ কৰে। আৰক্ষীয়ে দুজন মোবাইল ফোন চোৰকো গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মোবাইল ফোন চোৰ দুজন হৈছে ৰাজ কুমাৰ নুনীয়া আৰু চনু কুমাৰ নুনীয়া। ঝাৰখণ্ডৰ এই মোবাইল ফোন চোৰ দুজনে দীর্ঘদিন ধৰি নগাঁৱৰ মোবাইল ফোন চুৰি কৰি ডিমাপুৰত বিক্ৰী কৰি আহিছিল বুলি মোবাইল ফোন চোৰ দুজনে স্বীকাৰ কৰে। প্ৰায় পাঁচ মাহ পূৰ্বে মোবাইল ফোন চোৰ দুজনে ঝাৰখণ্ডৰ পৰা নগাঁওলৈ আহি মোবাইল ফোন চুৰিৰ কাৰ্য চলাই আছিল।