কলগাছিয়া : বজাৰত জুই। খাদ্য সামগ্ৰীৰ জুই ছাই দাম। প্ৰতি লিটাৰ মিঠাতেল ২০০ ৰ ঘৰ অতিক্ৰম কৰিছে আৰু শাক-পাচলি ৬০-৭০ টকা তলত পাবলৈ নাই। মূল্যবৃদ্ধিৰ প্ৰকোপ দেখি বজাৰলৈ যাবলৈ ভয় কৰা হৈছে সৰ্বসাধাৰণ ৰাইজ। পূৰ্বে ডাঙৰ মোনাত ভৰাই পাচলি ঘৰলৈ অনা লোক এতিয়া পাচলি সৰু পলিথিনৰ বেগতলৈ ঘৰলৈ আহে।

মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰৰ একাংশ মন্ত্ৰী-বিধায়কৰ মূল্যবৃদ্ধি সন্দৰ্ভত কৰা মন্তব্যৰ পৰা বুজিব পাৰি যে সৰ্বসাধাৰণ ৰাইজৰ সমস্যাকলৈ মন্ত্ৰী-বিধায়ক সকল চিন্তিত নহয়। মন্ত্ৰী-বিধায়কে তুলুঙা মন্তব্য দি হাত সাৱতি বহি থাকৰ সময়তে মূল্যবৃদ্ধিয়ে কোঙা কৰা সৰ্বসাধাৰণ লোকক অধিক মাধমাৰ সোধাইছে মধ্যভোগীয়ে। মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰখনক অন্তত তেজপিয়াৰূপী এই মধ্যভোগী সকলক নিয়ন্ত্ৰণ কৰাৰ দাবী জনাইছে ৰাইজে।

বৰপেটা জিলাৰ কলগাছিয়াৰ পাচলি বজাৰত মূল্যবৃদ্ধিৰ জুইত ঘি ঢালিছে মধ্যভোগীয়ে। বজাৰত পাচলিৰ কৃত্ৰিম নাটনি দেখুৱাই একাংশ মধ্যভোগীয়ে সৰ্বসাধাৰণ ৰাইজক অধিক মাধমাৰ সোধাইছে। বজাৰত পাচলি ক্ৰয় কৰিবলৈ আহি হাহাকাৰ কৰিব লগীয়া হৈছে ৰাইজে। বজাৰত পাচলিৰ মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে ৰাইজক। পাচলিৰ কৃত্ৰিম নাটনি দেখুৱাই একাংশ মধ্যভোগীয়ে চৰা দামত বিক্ৰি কৰাৰ ফলতে ৰাইজৰ এই অৱস্থা।ব

বজাৰত বেপাৰীয়ে নিজ ইচ্ছা অনুযায়ী পাচলিৰ মূল্য নিৰ্ধাৰণ কৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে। যোগান বিভাগে কোনোধৰণৰ নিয়ন্ত্ৰণ নৰখা বজাৰ সমূহত এইদৰে একাংশ মধ্যভোগী দালালে মাধমাৰ সোধাইছে গ্ৰাহকক। কলগাছিয়াৰ পাচলি বজাৰখনৰ এই অৱস্থা মাত্ৰ এটা উদাহৰণহে ৰাজ্যৰ অন্যান্য বজাৰ সমূহতো একেই অৱস্থা। যোগান বিভাগক শীঘ্ৰে বজাৰ নিয়ন্ত্ৰণ কৰাৰ লগতে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে।