গুৱাহাটী, ২১ জুনঃ জাপৰিগোগৰ কৃষ্ণনগৰ উদ্যান সংঘত এখনি সভাৰ আয়োজন কৰা হয়৷ বিনয় কুমাৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসমীয়া সাহিত্য-সংস্কৃতিলৈ বিষ্ণু ৰাভাৰ অৱদান শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ বিশিষ্ট লেখক ৰাম কুমাৰ বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিষ্ণু ৰাভাৰ বিষয়ে চমু বিতান্ত দাঙি ধৰে৷ ইয়াৰ লগতে মুখ্য বক্তা হিচাপে উপস্থিত সত্যেন কুমাৰ তালুকদাৰে অসমীয়া সাহিত্য সংস্কৃতিলৈ বিষ্ণু ৰাভাৰ অৱদানৰ বিষয়ে বিশদ বিৱৰণ দিয়ে৷ সভাত উপস্থিত নিদিষ্ট বক্তা হিচাপে উপস্থিত প্ৰমোদ কাকতি, অনিল কুমাৰ শৰ্মা আৰু সোনেশ্বৰ পাটোৱাৰীয়েও বিষ্ণু ৰাভাৰ অৱদানৰ বিষয়ে চমু বক্তব্য দাঙি ধৰে৷ সভাত ৰামাকৃষ্ণণ তালুকদাৰে নৃত্য প্ৰদৰ্শন কৰাৰ লগতে কেবাগৰাকী শিল্পীয়ে গীত পৰিবেশন কৰে৷