যোৰাহাট, ২১ জুনঃ যোৰাবাটৰ ১৪ মাইলত সোণাপুৰা আঞ্চলিক বন বিভাগ আৰু মৰগদোলা বন বিভাগে যুটীয়া ভাবে অভিযান চলাই বহুত কেইটা অবৈধ বালিৰ মহল উৎখ্যাত কৰে৷ প্ৰাপ্ত তথ্য অনুহৰি, বন বিভাগে এক গোপন সূত্ৰৰ ভিত্তিত যুটীয়াভাবে মৰগদোলাৰ সোনাইগাওঁ, জোগোকুছি আৰু আছিবোত গোপন অভিযান চলায়৷ অভিযানত বন কৰ্মীৰ দলে বহু কেইটা অবৈধ বালিমহল উৎখ্যাত কৰাৰ লগতে জেচিবিও জব্দ কৰে৷ বনকৰ্মীৰ সূত্ৰে জানিব পৰা মতে এই বালি মহল সমূহ বন্ধ থকাৰ পিছতো বালি মাফিয়াই নিশা ভাগত গোপনে বালিৰ ৰমৰমীয়া বেহা চলাই আহিছিল৷ তেওঁলোকে গুৱাহাটীৰ বিভিন্ন অঞ্চলত গোপনে বালি সৰবৰাহ কৰি আহিছিল৷