নলবাৰী ২১ জুনঃ নলবাৰীৰ গৰ্ডন খেল পথাৰত তৃতীয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেন্দ্ৰীয় ভাৱে পালন কৰা হয়৷ যোগ দিৱসৰ কাৰ্যসূচী উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ অনুস্থানত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ ৰমেন ডেকা, পতঞ্জলী কেন্দ্ৰৰ আচাৰ্য্য বালাকৃষ্ণৰ লগতে বিভিন্নজনে যোগাসনত অংশগ্ৰহণ কৰে। যোগ দিৱসৰ লগত সংগতি ৰাখি অনুস্থানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পতঞ্জলী কেন্দ্ৰৰ আচাৰ্য্য বালাকৃষ্ণই যোগাসনৰ ওপৰত লিখা এখন গ্ৰন্থ উন্মোচন কৰে৷ অনুস্থানৰ শেষত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত প্ৰস্তাৱিত মেডিকেল কলেজখন দক্ষিণ গাঁওত স্থাপন কৰাৰ কথা সদৰি কৰে৷ তেওঁ লগতে নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দেৱীৰাম পাঠশালালৈ তিনি কোটি টকাৰ আৰ্থিক সাহাৰ্য্য ঘোষণা কৰে।