আব্দুল হক
নগৰবেৰা : অৱশেষত দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল নগৰবেৰাৰ টুপামাৰীবাসীৰ। টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিধায়িকা নন্দিতা দাসে বিধায়ক পুঁজিৰ ধনেৰে যোগান ধৰিলে এখন এম্বুলেন্স। বিধায়িকা গৰাকীয়ে নিজেই এম্বুলেন্স চলাই টুপামাৰী স্বাস্থ্য কেন্দ্ৰত আনুষ্ঠানিকভাৱে মুকলি কৰিলে এম্বুলেন্স সেৱাৰ।

কথা দি কথা ৰাখিলে বকোৰ বিধায়িকা নন্দিতা দাসে। প্ৰায় এবছৰ মান পূৰ্বে বিধায়িকা নন্দিতা দাসে টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এম্বুলেন্স যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল।অৱশেষত নিজৰ কথা ৰক্ষা কৰি বিধায়ক পুঁজিৰ ৯.৫০ লাখ টকা ব্যয় সাপেক্ষে যোগান ধৰিলে এখন এম্বুলেন্স। ইয়াৰ লগে লগে পুৰণ হ’ল বৃহত্তৰ টুপামাৰী অঞ্চলৰ দীৰ্ঘদিনীয়া অভাৱটো।টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপলব্ধ হ’ল এম্বুলেন্স সেৱাৰ।

বকোৰ বিধায়িকা নন্দিতা দাসৰ এই প্ৰসংশনীয় পদক্ষেপত সন্তুষ্ট ব্যক্ত কৰাৰ লগতে ধন্যবাদ জনাইছে স্থানীয় ৰাইজে। বিধায়িকা গৰাকীয়ে প্ৰদান কৰা এম্বুলেন্সখন নিজে এবাৰ চলাই আনুষ্ঠানিকভাৱে এম্বুলেন্স সেৱা মুকলি কৰে। আনহাতে চিকিৎসালয়খনত থকা চিকিৎসক, নাৰ্চৰ অভাৱ অতি শীঘ্ৰে পুৰণ কৰাৰ লগতে চিকিৎসালয়খনৰ আন আন সমস্যাসমুহ সমাধান কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।