নিউজ ডেস্ক : উত্তৰ প্ৰদেশ বিজেপিত এটাৰ পিছত আনটো মোক্ষম আঘাত। বিজেপি ত্যাগ কৰিছে যোগী আদিত্যনাথ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে। মন্ত্ৰীজনৰ পদত্যাগৰ পিছতে বিজেপিৰ তিনিজনকৈ বিধায়কে মোক্ষম আঘাত দিছে শাসনাধিস্থ দলটোক। উত্তৰ প্ৰদেশৰ শাসনাধিস্থ বিজেপি দলৰ এজন মন্ত্রীসহ তিনিজনকৈ বিধায়ক কাষ চাপিছে অখিলেশ যাদৱৰ।

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বানলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। ইতিমধ্যে উত্তৰ প্ৰদেশত বলিবলৈ ধৰিছে নিৰ্বাচনী গৰম বতাহ। উত্তৰ প্ৰদেশত প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ ৰাজনৈতিক দলৰ নেতা সকল কাষ চাপিছে ভোটাৰ ৰাইজৰ। আৰম্ভ হৈছে প্ৰতিশ্ৰুতি প্ৰদান পৰ্ব।

বৰ্তমান উত্তৰ প্ৰদেশ দখল কৰি ৰখা বিজেপি দলে উত্তৰ প্ৰদেশবাসীৰ কাষ চাপি ভোট বিচাৰিছে দাঙি ধৰিছে নিজৰ সফলতা সমূহ। আনহাতে বিৰোধী দল সমূহে উত্তৰ প্ৰদেশৰ ৰাইজৰ সন্মুখত বিজেপিৰ বিফলতা সমূহ উদঙাই বিজেপিক এইবাৰ শাসনৰ গাড়ীৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে উত্তৰ প্ৰদেশ বিজেপিক মোক্ষম আঘাত দিছে নিজৰ দলৰে মন্ত্ৰী-বিধায়কে।

মঙলবাৰে উত্তৰ প্ৰদেশ চৰকাৰৰ শ্ৰমমন্ত্রী স্বামী প্ৰসাদ মৌৰ্য্যই বিজেপি দল ত্যাগ কৰি অখিলেশ যাদৱৰ কাষ চাপে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে স্বামী প্ৰসাদ মৌৰ্য্যই বিজেপি এৰি অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীত যোগদান কৰাত উত্তৰ প্ৰদেশৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ উটিছে। অখিলেশ যাদৱে স্বামী প্ৰসাদ মৌৰ্য্যৰ লগত নিজৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰিছে।

স্বামী প্ৰসাদ মৌৰ্য্যই নিজৰ পদত্যাগ পত্ৰ উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ হাতত অৰ্পণ কৰে। ইফালে অখিলেশ যাদৱে স্বামী প্ৰসাদ মৌৰ্য্যক সমাজবাদী পাৰ্টিলৈ আদৰণি জনায়। স্বামী প্ৰসাদ মৌৰ্য্যৰ পিছতে বিজেপিৰ অন্য তিনিজন বিধায়কে বিজেপি দল ত্যাগ কৰে। বিজেপি ত্যাগ কৰা এই তিনিজন বিধায়কৰ ভিতৰত ৰৌশন লাল বৰ্মাও সমাজবাদী পাৰ্টীত যোগদনা কৰিছে। বিজেপি ত্যাগ কৰা আন দুজন বিধায়ক হৈছে ব্ৰজেছ প্ৰজাপতি আৰু ভগৱতী সাগৰ।