গুৱাহাটী : সোমবাৰৰ দিনটোত অসমত ক’ভিডত আক্রান্ত হৈছে ২ হাজাৰ ১৯৮ জন লোক। মৃত্যুৰ হৈছে ২ জন ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সোমবাৰৰ দিনটোত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৪১৬ জন।

ক্ৰমাৎ ভয়াবহভাৱে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। সোমবাৰে ৰাজ্যত ৪.৪৯ শতাংশলৈ বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। সোমবাৰৰ দিনটোত ৰাজ্যত মুঠ ৪৮ হাজাৰ ৯৬৪ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ২ হাজাৰ ১৯৮ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি।

আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ২ জন ক’ভিড আক্রান্ত লোক। সোমবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৪১৬ জন। সোমবাৰে সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। ৭৬০ জন লোক কামৰূপ মহানগৰ জিলাত সোমবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়।

কামৰূপ মহানগৰ জিলাৰ পিছতে আছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড়ত আক্রান্ত হৈছে ১৪২ জন লোক। ইয়াৰ পৰিবৰ্তে কাছাৰত ১৩৯ জন আৰু তিনিচুকীয়াত ১১৫ জন লোক আক্রান্ত হৈছে। দেওবাৰে ৰাজ্যত আক্রান্ত হৈছিল ৯৮৮ জন লোক।

ইফালে সোমবাৰে সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ কৰা হৈছে সুৰক্ষাসূচক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী। ক’ভিড যুদ্ধৰ সন্মুখৰ যোদ্ধা আৰু ৬০ বছৰ উৰ্দ্ধৰ লোক সকলক ক’ভিডৰ এই সুৰক্ষাসূচক প্ৰতিষেধক প্ৰদান কৰা হ’ব।

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সোমবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত সুৰক্ষাসূচক প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সোমবাৰে সমগ্ৰ ৰাজ্যতে ৭ হাজাৰ ৯২১ জন লোকক সুৰক্ষাসূচক প্ৰতিষেধক প্ৰদান কৰা হয়।