নিউজ ডেস্ক : মণিপুৰত উগ্ৰপন্থীৰ ভয়াবহ আক্ৰমণ। উগ্ৰপন্থীৰ আক্ৰমণত পত্নী-পুত্ৰসহ অসম ৰাইফলছৰ কামণ্ডিঙ অফিচাৰ নিহত। মণিপুৰ আৰু ম্যানমাৰ সীমান্তত উগ্ৰপন্থীয়ে সংঘটিত কৰিছে এই ভয়াবহ আক্ৰমণৰ ঘটনা।

৪৬ নং অসম ৰাইফলছৰ কামণ্ডিঙ অফিচাৰ বিপ্লৱ ত্ৰিপাঠী পত্নী আৰু পুত্ৰৰ লগত গৈ থকা অৱস্থাত উগ্ৰপন্থীয়ে বিপ্লৱ ত্ৰিপাঠীৰ কনভয়ৰ ওপৰত ভয়াবহ আক্ৰমণ চলায়। উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত থিতাতে নিহত হয় বিপ্লৱ ত্ৰিপাঠীৰ লগতে তেওঁৰ পত্নী আৰু পুত্ৰ।

শনিবাৰে পুৱা ১০ বজাত উগ্ৰপন্থীয়ে ৪৬ নং অসম ৰাইফলছৰ কামণ্ডিঙ অফিচাৰ বিপ্লৱ ত্ৰিপাঠীৰ কনভয়ৰ ওপৰত এই ভয়াবহ আক্ৰমণ চলায়। মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ ম্যানমাৰ সীমান্তত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে উগ্ৰপন্থীয়ে। উগ্ৰপন্থীৰ আক্ৰমণত মুঠ ৬ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

চুৰাচান্দপুৰ জিলাৰ বেহিয়াং আৰক্ষী চকীৰ অন্তৰ্গত শ্বেহখানত ম্যানমাৰ সীমান্তত সংঘটিত হৈছে এই উগ্ৰপন্থী আক্ৰমণৰ ঘটনা। ঘটনা কামণ্ডিঙ অফিচাৰ বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী আৰু পুত্ৰৰ লগতে অন্য ৩ জন জোৱান নিহত হৈছে। এই ঘটনাক তীব্ৰ গৰিহণা দিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে।