গুৱাহাটী : অসম পাঁচ গৰাকী যুৱতী-মহিলাই আলফা (স্বাধীন)ত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভিডিঅ’কলৈ ৰাজ্যজুৰি চলিছে চৰ্চা। যোৱা মঙলবাৰৰ পৰা সন্ধানহীন হৈ থকা এই যুৱতী-মহিলাৰ ভিডিঅ’ শুকুৰবাৰে ভাইৰেল হৈ পৰাৰ পিছতে এই সকল যুৱতী-মহিলাই আলফা (স্বাধীন)ত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

ঘন জংঘলৰ মাজৰে সন্ধানহীন হৈ থকা যুৱতী-মহিলাৰ ভিডিঅ’ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভিডিঅ’টো প্ৰত্যক্ষ কৰাৰ পিছত এই সকল যুৱতী- মহিলাই আলফা (স্বাধীন) যোগদান কৰিবলৈ ওলাই যোৱা বুলি চৰ্চা চলিছে। ইফালে সম্পূৰ্ণ ৰহস্যৰ আবৰ্তত আছে পাঁচ গৰাকী যুৱতী-মহিলাৰ আলফা (স্বাধীন)ত যোগদান কৰাৰ প্ৰসংগ।

এই পাঁচ গৰাকী যুৱতী-মহিলাৰ ভিতৰত আছে সবিতা চেতিয়া নামৰ গোগামুখৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী কিক বক্সাৰ। সবিতা চেতিয়াৰ পৰিয়ালে এই সবিতা চেতিয়া আলফা (স্বাধীন)ত যোগদনা কৰিবলৈ যোৱা খবৰটো নস্যাৎ কৰিছে। সবিতা চেতিয়াৰ ভগ্নীয়ে জানিবলৈ দিয়ে যে ভাইৰেল হৈ পৰা ভিডিঅ’টো পুৰণি ভিডিঅ’। সবিতা চেতিয়াই পিকনিক খাবলৈ যোৱাৰ ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰা ভিডিঅ’টো।

ভাইৰেল ভিডিঅ’টোত সবিতা।চেতিয়াই পিঠিত লৈ থকা বেগটো এতিয়াও সবিতা চেতিয়াৰ ঘৰত আছে। উল্লেখ্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সাৰ সবিতা চেতিয়াৰ লগতে তিনিচুকীয়াৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সাৰ নয়নমনি চেতিয়া আৰু আন তিনি গৰাকী যুৱতী-মহিলাই আলফা (স্বাধীন)ত যোগদনা কৰিবলৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা বাতৰিয়ে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সন্ধানহীন হৈ থকা পাঁচ গৰাকী যুৱতী-মহিলাৰ আলফা (স্বাধীন)ত যোগদান কৰিবলৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা বাতৰি সন্দৰ্ভত বর্তমানলৈকে অসম আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই। এই বাতৰি সন্দৰ্ভত আলফা (স্বাধীন)ৰ ফালৰ পৰাও কোনো স্পষ্টীকৰণ বর্তমানলৈকে অহা নাই। অসম আৰক্ষী অথবা আলফা (স্বাধীন)ৰ স্পষ্টীকৰণৰ পিছতে প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ আহিব।