চন্দ্ৰপুৰ : চন্দ্ৰপুৰত কেইবাটাও নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ। সন্ধিয়া হোৱাৰ লগে লগে কেইবাটাও নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা যায় চন্দ্ৰপুৰত। গৰু, ছাগলী আৰু গাহৰি ভক্ষণ কৰি অঞ্চলটোত সন্ত্ৰাস চলাই আছে নাহৰফুটুকী বাঘ কেইটা।

মহানগৰী গুৱাহাটীৰ কাষৰীয়া চন্দ্ৰপুৰত নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণৰ ফলত আতংকিত হৈ পৰিছে ৰাইজ। চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পৰ আবাসীক অঞ্চলটোৰ লগতে তাপবিদ্যুৎ প্ৰকল্পৰ নিকটৱৰ্তী অঞ্চল সমূহত নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণে ৰাইজক আতংকিত কৰি ৰাখিছে।

বিগত প্ৰায় এমাহ ধৰি চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পৰ আবাসীক অঞ্চলটোৰ লগতে তাপবিদ্যুৎ প্ৰকল্পৰ নিকটৱৰ্তী অঞ্চল সমূহত সন্দিয়া হোৱাৰ লগে লগে কেইবাটাও নাহৰফুটুকী বাঘ মুক্তভাৱে বিচৰণ কৰা ৰাইজে প্ৰত্যক্ষ কৰিছে। অঞ্চল দুটাত ইতিমধ্যে গৰু, ছাগলী আৰু গাহৰি ভক্ষণ কৰি একপ্ৰকাৰৰ সন্ত্ৰাস চলাই আহিছে নাহৰফুটুকী বাঘ কেইটা।

স্থানীয় ৰাইজে বন বিভাগক এই সন্দৰ্ভত অৱগত কৰিছে যদিও বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। অতি শীঘ্ৰে নাহৰফুটুকী বাঘ কেইটাক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগক ৰাইজে আহ্বান জনাইছে। নাহৰফুটুকী বাঘ কেইটাই মানুহৰ ওপৰত আক্ৰমণ চলাব পাৰে বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে।