যোৰহাট, ২৪ আগষ্টঃ বন বিভাগৰ চৰম অৱহেলাৰ বাবে যোৰহাটবাসীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ যোৰহাটৰ ন আলিৰ সমীপৰ দহা বৰা চুকৰ পথৰ কাষৰ এজোপা গছ সামান্য বতাহতে উঘালি পৰাত অঞ্চলটোত বিদ্যুত যোগান আৰু যাতায়ত ব্যাহত হৈ পৰে৷ এই দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে দুজন আৰক্ষীসহ দুজন বাটৰুৱাৰ। আনহাতে গছজোপা উঘালি এখন হোমিওপেথিক ফামাৰ্চীৰ ওপৰত পৰাত বহু পৰিমাণৰ সামগ্ৰীৰ লোকচান হয়৷ বতাহৰ ফলত কৃষ্ণকান্ত বৰুৱা পথৰ এজোপা গছত থকা শামুকভঙা চৰাইৰ পোৱালী  মাটিত পৰি মৃত্যু হয়।