গুৱাহাটী, ৬ আগষ্ট, ২০২৩ : ৰে’ল আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) সমগ্ৰ দেশতে অমৃত ভাৰত আঁচনিৰ অধীনত ৫০৮ টা ৰে’লৱে ষ্টেশ্যনৰ পুনৰ্বিকাশৰ বাবে ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে। এই আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় ৰে’ল, যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ; কেন্দ্ৰীয় ৰে’ল আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী দৰ্শনা জাৰ্দোশ, ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া অনিল কুমাৰ লাহোটি উপস্থিত আছিল। 

অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি, অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা; ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, লোকসভাৰ সাংসদ কুইন ওজা আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ লগতে মুখ্য কাৰ্যালয় আৰু মণ্ডলসমূহৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল নাৰেঙ্গী ৰে’ল ষ্টেশ্যনৰ পৰা কেন্দ্ৰীয় কাৰ্যসূচীৰ সৈতে ভাৰ্চুৱেলি সংযুক্ত হৈছিল। নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশন আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহা ক্ৰমে ডিমাপুৰ আৰু উদয়পুৰ ষ্টেশ্যনত উপস্থিত আছিল। ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে স্থানীয় বিধায়ক, সমাজৰ বিশিষ্ট ব্যক্তি, মুক্তি যুঁজাৰু আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ঐতিহাসিক অনুষ্ঠানটো চাবলৈ বিভিন্ন ষ্টেশ্যনত উপস্থিত আছিল।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসমৰ ৰাজ্যপালে কয় যে, উত্তৰ-পূৰ্ব্বাঞ্চলত ৰে’ল যোগাযোগৰ ক্ষেত্ৰত এয়া এক সোণালী যুগ আৰু অসমৰ জনসাধাৰণৰ হৈ অসম আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহত ৰে’ল সংযোগ উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু ৰে’ল মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেখেতে লগতে উল্লেখ কৰে যে স্বচ্ছ ভাৰত অভিযানে ৰে’ল আৰু ষ্টেশ্যন পৰিষৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা উন্নততৰ কৰি তুলিছে। তেওঁ লগতে কয় যে বিশ্বৰ যিকোনো ৰে’ল সেৱাৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় ৰে’লৱে বিশ্বমানৰ সুবিধাৰে সজ্জিত হৈছে।

অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ ভাষণত উল্লেখ কৰে যে, অমৃত ৰে’ল ষ্টেশ্যনৰ অধীনত অসমৰ ৩২ টা ষ্টেশ্যনৰ আধুনিকীকৰণ কৰাটো অসমৰ জনসাধাৰণৰ বাবে গৌৰৱৰ বিষয়। তেখেতে উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰে’ল যোগাযোগ উন্নত কৰাৰ দিশত বাজেটত ১০,০০০ কোটি টকা আৱণ্টন কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু ৰে’ল মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে উত্তৰ পূব সীমান্ত ৰে’লৱে সমগ্ৰ উত্তৰ-পূৰ্ব্বাঞ্চলত বিভিন্ন আন্তঃগাঁথনিমূলক কাম যেনে ৰে’লপথৰ দ্বৈতকৰণ, বৈদ্যুতিকৰণ, গজ পৰিবৰ্তন আদিৰ ক্ষেত্ৰত এক উল্লেখনীয় কাম কৰি আহিছে যি উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহক দেশৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰাত সহায় কৰিব।

৫০৮ টা ষ্টেশ্যন ২৪,৪৭০ কোটি টকাতকৈও অধিক ব্যয়েৰে পুনৰ বিকশিত কৰা হ’ব। এই ষ্টেশ্যন সমূহ ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিস্তৃত হৈ আছে, যাৰ ভিতৰত আছে উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ৫৫ টা, বিহাৰত ৪৯ টা, মহাৰাষ্ট্ৰত ৪৪ টা, পশ্চিম বংগত ৩৭ টা, মধ্য প্ৰদেশত ৩৪ টা, অসমত ৩২ টা, উৰিষ্যাত ২৫ টা, পঞ্জাৱত ২২ টা, গুজৰাট আৰু তেলেঙ্গনাৰ প্ৰত্যেকতে ২১ টাকৈ, ঝাৰখণ্ডত ২০ টা, অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুত ১৮ টাকৈ, হাৰিয়ানাত ১৫ আৰু  কৰ্ণাটকত ১৩ টা। অমৃত ভাৰত ষ্টেশ্যন আঁচনিৰ অধীনত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুঠ ৯১ টা ষ্টেশ্যন চিনাক্ত কৰা হৈছে। ৫৬ টা ষ্টেশ্যনৰ পুনৰ বিকাশৰ আধাৰশিলা প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰে। এই ৫৬ টা ষ্টেশ্যনৰ ভিতৰত ৩২ টা ষ্টেশ্যন অসমত, ০৩ টা ষ্টেশ্যন ত্ৰিপুৰাত, ১৬ টা ষ্টেশ্যন পশ্চিম বংগত, বিহাৰৰ ০৩ টা ষ্টেশ্যন, নাগালেণ্ড আৰু মেঘালয়ত ১ টা কৈ ষ্টেশ্যন আছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, এইসমূহ ষ্টেশ্যনৰ আধুনিকীকৰণে দেশত উন্নয়নৰ বাবে এক নতুন পৰিৱেশ সৃষ্টি কৰিব কিয়নো ই ভ্ৰমণকাৰী সকলৰ মাজত এক উত্তম প্ৰভাৱ পেলাব। উন্নীত ষ্টেশ্যন সমূহে কেৱল পৰ্যটনেই বৃদ্ধি নকৰে, ই আশে পাশে থকা অঞ্চল সমূহৰ অৰ্থনৈতিক কাৰ্যকলাপকো সমৃদ্ধ কৰিব। তেখেতে কয় যে ‘ৱান ষ্টেশ্যন ৱান প্ৰডাক্ট’ আঁচনিয়ে কাৰিকৰ সকলক সহায় কৰিব আৰু সংশ্লিষ্ট জিলাখনৰ ব্ৰেণ্ডিংত সহায় কৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰে’লপথৰ দ্বৈতকৰণ, গজ পৰিৱৰ্তন, বৈদ্যুতিকৰণ আৰু নতুন ৰে’ল পথৰ দিশত দ্ৰুতগতিত কাম চলি আছে। শীঘ্ৰেই, উত্তৰ-পূৰ্ব্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজধানী ৰে’লৱে নেটৱৰ্কৰ দ্বাৰা সংযোগ কৰা হ’ব। উত্তৰ-পূৰ্ব্বাঞ্চলত নতুন ৰে’ল পথ কমিছনিঙৰ কাম তিনিগুণ বৃদ্ধি পাইছে বুলি তেখেতে কয়।

প্ৰধানমন্ত্ৰীয়ে নাগালেণ্ডৰ ডিমাপুৰ ষ্টেশ্যনৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে যিয়ে ইয়াৰ স্থানীয় জনজাতি আৰু প্ৰাচীন সংস্কৃতি প্ৰদৰ্শন কৰাত এক নতুন স্বৰূপ লাভ কৰিব। তেওঁ লগতে কয় যে নাগালেণ্ডে ১০০ বছৰৰ ব্যৱধানৰ পিছত ইয়াৰ দ্বিতীয়টো ৰে’ল ষ্টেশ্যন শোখুভি লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় ৰে’লৱেৰ অধীনত ৰে’ল ষ্টেশ্যন সমূহৰ পুনৰ্বিকাশৰ বাবে শেহতীয়াকৈ অমৃত ভাৰত ষ্টেশ্যন আঁচনি আৰম্ভ কৰা হৈছে, পুনৰ্বিকাশৰ বাবে এই আঁচনিৰ অধীনত ভাৰতীয় ৰে’লৱেৰ অন্তৰ্গত ১৩০৯ টা ষ্টেশ্যন চিনাক্ত কৰা হৈছে। এই আঁচনিখনত সূদূৰপ্ৰসাৰী দৃষ্টিভংগীৰে অবিৰতভাৱে ষ্টেশ্যন সমূহৰ বিকাশৰ পৰিকল্পনা কৰা হৈছে।