পলাশবাৰী, ৫ আগষ্ট, ২০২৩ : এটিএম লুটিব আহি ধৰা পৰিল চাৰিজনকৈ দুৰ্ধৰ্ষ এটিএম চোৰ (Four ATM Robber Caught)। পাঞ্জাৱ নেশ্যনেল বেংকৰ এটিএম লুটিব আহিছিল চাৰিজনীয়া দুৰ্ধৰ্ষ এটিএম চোৰৰ দলটো। ধৃত দুৰ্ধৰ্ষ এটিএম চোৰ কেইজন দিল্লীৰ চুলতানপুৰৰ। পাঞ্জাৱ নেশ্যনেল বেংকৰ আৰ্মচ গাৰ্ডৰ সাহসী পদক্ষেপৰ বাবে আটক হয় এটিএম চোৰৰ দলটো। দুৰ্ধৰ্ষ এটিএম চোৰৰ দলটোৰ আক্ৰমণত আহত হৈছে সাহসী আৰ্মচ গাৰ্ডজন।

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। চুৰি, ডকাইতি, হত্যা, দিনৰ পোহৰতে ধন লুটি নিয়াৰ ঘটনা যেন সাধাৰণ অপৰাধত পৰিণত হৈছে। দিনে নিশাই আৰক্ষী গীজগিজাই আছে যদিও আৰক্ষীৰ চকুৰ সন্মুখতে সংঘটিত হৈ আছে অপৰাধমূলক ঘটনা। আৰক্ষী প্ৰশাসনক কেৰেপ নকৰা হৈছে অপৰাধী সকল। শনিবাৰে পুনৰ ইয়াৰে এক প্ৰমাণ পোৱা গ’ল। পুনৰ দিনৰ পোহৰতে ধন লুটি নিয়াৰ অপচেষ্টা চলালে দুৰ্ধৰ্ষ চোৰৰ দলে।

শনিবাৰে পুৱা ১০.৩০ মান বজাত দক্ষিণ কামৰূপত সংঘটিত হৈছে এটিএম লুটি নিয়াৰ এক অপচেষ্টা চলোৱা ঘটনা। পুৱা দক্ষিণ কামৰূপৰ পলাশবাৰীৰ অন্তৰ্গত ৰামপুৰত থকা পাঞ্জাৱ নেশ্যনেল বেংকৰ এটিএম লুটি নিয়াৰ অপচেষ্টা চলায় চাৰিজনকৈ দুৰ্ধৰ্ষ এটিএম চোৰৰ এটা দলে। পাঞ্জাৱ নেশ্যনেল বেংকৰ এটিএমৰ পৰা ধন ওলাব যোৱা এজন লোকৰ এটিএম কাৰ্ডখন দুজন লোকে কৌশলেৰে কাঢ়ি নিয়াৰ চেষ্টা চলায় যদিও বিফল। পিছত লোক দুজন এটিএমখনৰ বাহিৰত সন্দেহজনক অৱস্থাত থিয় হৈ আহিছিল।

লোক দুজনক সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰি পাঞ্জাৱ নেশ্যনেল বেংকৰ আৰ্মচ গাৰ্ড অনাঙ্গ কলিতাই লোক দুজনক ধৰিবলৈ আগুৱাই যায়। লাগে লগে চোৰৰ দলটোৱে আৰ্মচ গাৰ্ড অনাঙ্গ কলিতাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে যদিও আৰ্মচ গাৰ্ড অনাঙ্গ কলিতাই চোৰ দুজনক আটক কৰে। আনহাতে চোৰ দলটোৰ দুজন সদস্য পলায়নৰ চেষ্টা কৰে যদিও বিজয়নগৰ আৰক্ষী আৰু ৰাইজে চোৰ দুজনক আটক কৰিবলৈ সক্ষম হয়। চোৰ দুজনক আটক কৰিবলৈ যাওঁতে বিজয়নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰজ্যোতি কলিতাও আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে৷

ৰাইজে চোৰৰ চাৰিজনক আটক কৰি উত্তম মাধ্যম দিয়ে। ইফালে চোৰৰ দলটোৰ চোকা অস্ত্ৰৰ আক্ৰমণত আহত হোৱা পাঞ্জাৱ নেশ্যনেল বেংকৰ সাহসী আৰ্মচ গাৰ্ড অনাঙ্গ কলিতাক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ধৃত দুৰ্ধৰ্ষ এটিএম চোৰ কেইজন দিল্লীৰ চুলতানপুৰৰ অক্ষয়, চন্দিপ, মুকেশ আৰু টিংকু বুলি জানিব পৰা গৈছে৷ পাঞ্জাৱ নেশ্যনেল বেংকৰ এগৰাকী কৰ্মচাৰীয়ে জানিবলৈ দিয়ে চোৰৰ দলটোৱে পুৰ্বেও ৰামপুৰস্থিত পাঞ্জাৱ নেশ্যনেল বেংকত চুৰিকাণ্ড সংঘটিত কৰিছিল।