মানকাচৰ : গৰু সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত আৰু এজন আৰক্ষীৰ লোক গ্ৰেপ্তাৰ। গৰু সৰবৰাহকাৰীৰ পৰা ধন লোৱাৰ অভিযোগত দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ নায়ক গ্ৰেপ্তাৰ। ৰাইজৰ দলে দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ নায়ক গৰাকী গৰু সৰবৰাকাৰীৰ পৰা ধন লোৱাৰ অভিযোগ দিছিল। ধন লৈ থকাৰ ভিডিঅ’ ফুটেজৰ প্ৰমাণসহ ৰাইজৰ দলে অভিযোগ দিছিল জিলা আৰক্ষী অধীক্ষকক। কিছুদিন পূৰ্বে গৰু সৰবৰাহৰ লগত জড়িত থকা এজন গৃহৰক্ষী জোৱানকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। 

গৰু সৰবৰাহৰ লগত জড়িত থকাৰ বাবে কিছুদিন পুর্বে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এজন প্ৰাক্তন গৃহৰক্ষী জোৱানক দক্ষিণ শালমাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। গৃহৰক্ষী জোৱানৰ গ্ৰেপ্তাৰৰ পিছত এইবাৰ জিলা আৰক্ষীয়ে দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ নায়কক গ্ৰেপ্তাৰ কৰিছে গৰু সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত। দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ নায়কৰ দায়িত্বত থকা কেৰামত আলীৰ বিৰুদ্ধে ৰাইজৰ দলৰ ৰাজ্যিক মুখপাত্ৰই জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালক এক লিখিত অভিযোগৰ লগতে চোৰাং গৰু ব্যৱসায়ীৰ পৰা কেৰামত আলীয়ে ধন সংগ্ৰহৰ কৰি থকাৰ এটা গোপন ভিডিঅ’ দাখিল কৰিছিল।

জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে উক্ত ভিডিঅ’ৰ ভিত্তীত আৰক্ষীৰ নায়ক কেৰামত আলীক জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ পিছত কেৰামত আলী সোমবাৰে ১২ বজাত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ সকলো কথা আৰক্ষী অধীক্ষকৰ ওচৰত স্বীকাৰ কৰাত তেওঁ আটক কৰে বুলি জানিব পৰা গৈছে। কেৰামত আলীক আটক কৰি জিলা আৰক্ষীৰ সহকাৰী আৰক্ষী অধীক্ষক এছ চাংচানে দক্ষিণ শালমাৰা থানালৈ নি গ্ৰেপ্তাৰ কৰে। মঙলবাৰে পুৱাৰ ভাগত কেৰামত আলীক ধুবুৰী আদালতলৈ প্ৰেৰণ কৰিব বুলি আৰক্ষী সুত্ৰে জানিবলৈ দিয়ে। ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমানে অভিযোগ দাখিল কৰিছিল।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত গৰুৰ সৰবৰাহৰ লগত একাংশ আৰক্ষী, কনিষ্টবল, গৃহৰক্ষী জোৱান জড়িত হৈ থকাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপন হৈ আহিছে। এই সন্দৰ্ভত সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি প্ৰকাশ হোৱাত জিলা আৰক্ষী গৰু সৰবৰাহৰ বন্ধ কৰাৰ বাবে উঠি-পৰি লাগিছে। বিশেষকৈ জিলাখনত দীৰ্ঘদিনৰ পৰা কাম কৰি অহা আৰক্ষীৰ কনিষ্টবল, গৃহৰক্ষী, থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলৰ প্ৰতিও জিলা আৰক্ষীয়ে চোকা দৃষ্টি দি আহিছে বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে। জিলা আৰক্ষীৰ এনে পদক্ষেপক লৈ জিলাখনৰ সচেতন মহলে জিলা আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে।