আজিজ আলী
মুকালমুৱা : মুকালমুৱা আৰক্ষীৰ অন্য এক বৃহৎ সফলতা। মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অন্য এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী এজনক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে মুকালমুৱা আৰক্ষীয়ে। অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ক’ফ চিৰাপ আৰু নিচাজাতীয় টেবলেট জব্দ কৰিছে।

নলবাৰী জিলাৰ মুকালমুৱা অঞ্চলত মুকালমুৱা আৰক্ষীয়ে দিনে নিশাই ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে ড্ৰাগছ বিৰোধী অভিযানত মুকালমুৱা আৰক্ষীয়ে ধাৰাবাহিক সফলতা লাভ কৰি আছে। অঞ্চলটোত অভিযান চলাই কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে মুকালমুৱা আৰক্ষীয়ে।

ইয়াৰ মাজতে শনিবাৰে নিশা মুকালমুৱা আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমন্ত বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি বৰ্নিবাৰীত ড্ৰাগছ বিৰোধী অভিযান চলায়। বৰ্নিবাৰীৰ এটি পুখুৰীৰ পাৰত থকা জুপুৰিৰ পৰা আৰক্ষীয়ে ছাহাবুদ্দিন ওৰফে মতিউৰ আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত মতিউৰ আলী দীৰ্ঘদিন ধৰি অঞ্চলটোত আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছৰ ৰমৰমীয়া সৰবৰাহ চলাই আহিছিল।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী মতিউৰ আলীৰ বিৰুদ্ধে আৰক্ষী থানাত ইতিমধ্যে বহু কেইটা গোচৰ ৰুজু হৈ আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে শনিবাৰে নিশা অভিযান চলাই বৰ্নিবাৰীৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী মাতিউৰ অলীক গ্ৰেপ্তাৰ কৰাৰ লগতে কেইবা হেজাৰ টকা মূল্যৰ ক’ফ চিৰাপ আৰু নিচাজাতীয় টেবলেট জব্দ কৰে। সম্প্ৰতি ধৃত ড্ৰাগছ সৰবৰাহকাৰী মাতিউৰ অলীক জেৰাৰ অন্তত মুকালমুৱা আৰক্ষীয়ে জেললৈ প্ৰেৰন কৰিছে।