গুৱাহাটী : ৫০০ গ্ৰাম হেৰ’ইনসহ পুনৰ দুই ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ মহানগৰীত। জ্যোতিকুছি আৰু পাঞ্জাৱৰীৰ পৰা গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী দুজন। দুয়োৰে কবলৰ পৰা জব্দ কৰা ৫০০ গ্ৰাম হেৰ’ইনৰ বজাৰ মূল্য ৩.৫ কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

শুকুৰবাৰে নিশাৰ ভাগত মহানগৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছিল চাৰিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে চান্দমাৰী থানাত ৰুজু কৰিছিল এক গোচৰ।

চান্দমাৰী থানাৰ ৫৭১/২০২১ নম্বৰৰ উক্ত গোচৰৰ তদন্ত চলাই শনিবাৰে পুৱাৰ ভাগত পুনৰ আৰক্ষীয়ে দুজনক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযান চলাই জ্যোতিকুছিৰ পৰা কৰণ দাস নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে।

অভিযানত আৰক্ষীয়ে কৰণ দাসৰ কবলৰ পৰা ২৩ পেকেট হেৰ’ইন আৰু নগদ ৭ লাখ ৫ হাজাৰ ৮৬০ টকা জব্দ কৰে। সংগ্রাম দাস নামৰ পাঞ্জাৱৰীৰ অন্য এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি অভিযানকাৰী আৰক্ষীৰ দলটোৱেৰ জব্দ কৰে ১২ পেকেট হেৰ’ইন আৰু নগদ ১২ হাজাৰ টকা।

আৰক্ষীয়ে এ এছ-০১-ডি ডব্লিউ-৬০৪৬ নম্বৰৰ এখন চাৰিচকীয়া বাহনো জব্দ কৰে। দুয়োজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে মুঠ ৫০০ গ্ৰাম হেৰ’ইন জব্দ কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে জব্দ কৰা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত ৩.৫ কোটি টকা মূল্য হ’ব।