বৰপেটা : বৰপেটাৰ সাংসদ আব্দুল খালেকৰ জন্ম ভূমি বৰতাৰীত কান্দোনৰ ৰোল। কালৰূপী বানপানীৰ লগতে আই আৰু মানাহ নৈৰ বিধ্বংসী গৰাখহনীয়াত জাহ গ’ল চাৰিটাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ। বাসস্থান হেৰুৱাই কান্দোনত ভাগি পৰিল ভূক্তভোগী চাৰিটাকৈ পৰিয়াল।

Please subscribe our YouTube channel and like our Facebook page. 

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সাংসদ আব্দুল খালেকৰ জন্মভূমি গাঁও বৰতাৰীত বানপানীৰ লগতে আই আৰু মানাহ নৈৰ ভয়াবহ গৰাখহনীয়াই তাণ্ডৱ চলাইছে। বৰতাৰীত মানাহ নদীৰ বাঢ়নী পানীত চকুৰ পলকতেই নৈৰ বুকুত জাহ গ’ল চাৰিটাকৈ পৰিয়ালৰ ভেটি-মাটি, ঘৰ-দুৱাৰ।

চাৰিটাকৈ পৰিয়ালৰ সৰ্বস্ব নদীৰ বুকুত সম্পূৰ্ণভাৱে বিলীন হৈ যোৱাত ভিক্তভোগী পৰিয়াল।চাৰিটা কান্দোনত ভাগি পৰিছে। অভয়াপুৰীৰ পৰা জনীয়া লৈ যোৱা ২ নং ৰাজ্যিক ঘাইপথৰ বৰতাৰী আৰু সন্তোষপুৰ সংযোগী দলংখনৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে মানাহ নদীৰ বাঢ়নী পানীয়ে।

বানপানীৰ সমান্তৰালে গৰাখহনীয়াৰ তাণ্ডৱ অব্যাহত থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ লগতে সাংসদ তথা বিধায়কে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত স্থানীয় ৰাইজৰ লগতে ভূক্তভোগী পৰিয়াল কেইটা ক্ষোভিত হৈ পৰিছে। শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।