নুৰুদ্দিন

বিলাসীপাৰা : চাপৰৰ সোনামুখীত পুনৰ উদ্ধাৰ মৃতদেহ। শুকুৰবাৰে দিনৰ ভাগত চাপৰৰ সোনামুখীৰ টোকৰাবান্দা পাহাৰত উদ্ধাৰ হয় মৃতদেহ। যোৱা ৫ জুলাইতো টোকৰাবান্দা পাহাৰত উদ্ধাৰ হৈছিল এজন যুৱকৰ মৃতদেহ। টোকৰাবান্দা পাহাৰত এটাৰ পিছত আনটো মৃতদহে উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শুকুৰবাৰে ধুবুৰী জিলাৰ ‌শালকোচা উপ আৰক্ষী চকীৰ অন্তৰ্গত টোকৰাবান্দা গাঁৱৰ কেইবাদিন ধৰি নিৰুদ্দেশ হৈ থকা ছাদ্দাম আলী নামৰ এজন যুৱকৰ পৰিয়ালৰ লোকে টোকৰাবান্দা পাহাৰত যুৱক জনক বিচাৰি যায়। ছাদ্দাম আলীৰ পৰিয়ালৰ লোকে পাহাৰত গেলি পচি যোৱা মৃতদেহৰ গোন্ধ পাই শালকোচা উপ আৰক্ষী চকীত খবৰ দিয়ে।

আৰক্ষীৰ দল পাহাৰত উপস্থিত হৈ পাহাৰৰ হাবিৰ মাজত এটা মৃতদহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শালকোচা আৰক্ষীয়ে গেলি পচি যোৱা অৱস্থাত উদ্ধাৰ কৰা মৃতদেহটো টোকৰাবান্দা গাঁৱৰ ছাদ্দাম আলীৰ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে। আৰক্ষীয়ে পাহাৰৰ মাজত উদ্ধাৰ হোৱা ছাদ্দাম আলীৰ মৃতদেহটো ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

উল্লেখ্য যে য়োৱা ৫ জুলাইত শাহ আলম সেখ নামৰ এজন যুৱকৰ মৃতদেহ টোকৰাবান্দা পাহাৰত উদ্ধাৰ হৈছিল। শুকুৰবাৰে পুনৰ টোকৰাবান্দা পাহাৰত আন এজন যুৱকৰ মৃতদহে উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। টোকৰাবান্দা পাহাৰত এটাৰ পিছত আনটো মৃতদেহ উদ্ধাৰ হোৱা ঘটনা সংক্ৰান্তত শালকোচা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।