আজিজ আলী

মুকালমুৱা : মুকালমুৱাৰ গোৰাক্ষাট্টাৰীত চাঞ্চল্যকৰ ঘটনা৷ হাবিৰ মাজত হাত-ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ এগৰাকী অৰ্ধউলংগ যুৱতী৷ হাত-ভৰি বান্ধি থোৱা অৱস্থাত যুৱতী গৰাকীক প্ৰত্যক্ষ কৰে স্থানীয় লোকে৷

নলবাৰী জিলাৰ মুকালমুৱাৰ অন্তৰ্গত গোৰাক্ষাট্টাৰীত হাবিৰ মাজত উদ্ধাৰ হয় এগৰাকী অৰ্ধউলংগ যুৱতী। হাত-ভৰি বান্ধি থোৱা অৱস্থাত যুৱতী গৰাকীক স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। খবৰ লাভ কৰি ঘটনাস্থলীত দৌলাশাল আৰক্ষী উপস্থিত হৈ যুৱতী গৰাকীক হাবিৰ মাজৰ পৰা উদ্ধাৰ কৰে।

হাবিৰ মাজত হাত-ভৰি বান্ধি থোৱা অৱস্থাত এগৰাকী অৰ্ধউলংগ যুৱতী উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱতী গৰাকী বৰক্ষেত্ৰীৰ পেৰাধৰা চৰৰ বুলি জানিব পৰা গৈছে৷ যুৱতী গৰাকীক ধৰ্ষণ কৰি হাবিৰ মাজত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

যুৱতী গৰাকীয়ে ইতিমধ্যে আৰক্ষীৰ আগত বৰ্ণনা কৰিছে সমগ্ৰ ঘটনা৷ যুৱতী গৰাকীৰ ভাষ্যৰ ভিত্তীত মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে যুতীয়াভাৱে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।