জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথ মহাবিদ্যালয়ত বিশ্ব ধপাঁত বৰ্জন দিৱস উদযাপন। বিশ্বনাথ মহাবিদ্যালয়ৰ পৰিৱেশ আৰু জলৱায়ু কোষৰ উদ্যোগত বিশ্ব ধপাঁত বৰ্জন দিৱস উদযাপন কৰা হয়। কোষৰ হৈ ড° ৰাহুল শৰ্মা, ড° সুনয়না গোস্বামী আৰু অধ্যাপিকা শিবাশ্ৰী হোজাইছায়ে প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীৰ দল এটাক নেতৃত্ব দি এক সজাগতা সভাৰ আয়োজন কৰে।

ছাত্ৰ-ছাত্ৰী সকলে ধপাঁতৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ধঁপাত বিৰোধী শ্ল’গান লিখা প্লে-কাৰ্ড লৈ এক সমদল উলিয়ায়। সজাগতা সভাত অংশগ্ৰহণ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° চিন্তামনি শৰ্মাই কয় যে ধপাঁত সেৱনৰ বাবে কেঞ্চাৰকে আদি কৰি বিভিন্ন বেমাৰত বছৰি ষাঠী লাখ মানুহৰ মৃত্যু ঘটে আৰু ১৬ ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰত মৃত্যুৰ সংখ্যা যথেষ্ঠ বেছি।

যদি ধপাঁত সেৱনৰ হাৰ এনেদৰে বাঢ়ি থাকে তেনেহ’লে ২০৩০ লৈকে মৃত্যুৰ সংখ্যা বছৰি আশী লাখ অতিক্ৰম কৰিব বুলিও অধ্যক্ষ গৰাকীয়ে কয়।মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণৰ সমন্বয়ক ড° নৰেশ ঠাকুৰে ধপাঁতৰ ভয়াবহতাৰ ওপৰত বক্তব্য ডাঙি যুৱ সমাজ ওলাই আহি ব্যাপকভাৱে ইয়াৰ নেতিবাচক দিশৰ ওপৰত ৰাইজক সজাগ কৰাৰ পদক্ষেপ ল’ব লাগিব বুলি মত পোষণ কৰে। মহাবিদ্যালয়খনৰ চৌহাদক “ধঁপাত মুক্ত” ঘোষণা কৰা হৈছে।