গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মাৰ্চ : অসমৰ প্ৰায় ৪০ লাখ অনুসূচীত জাতি লোকৰ সৰ্বাংগীন উন্নয়ন আৰু কল্যাণৰ স্বাৰ্থত ৰাজ্যখনৰ অন্যান্য জাতি- জনগোষ্ঠীসমূহক প্ৰদান কৰা স্বায়ত্ব শাসন ব্যৱস্থাৰ দৰেই অনুসূচীত জাতিকো স্বায়ত্ব শাসন ব্যৱস্থাৰ আওতালৈ আনিবলৈ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে শুকুৰবাৰে চচলত এটা অৱস্থান ধৰ্মঘট কাৰ্য্য সূচীৰ জৰিয়তে সজোৰে দাবী জনায়।

উক্ত কাৰ্যসূচীত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কমলাকান্ত দাসে সংবাদ মাধ্যমৰ আগত কয় যে স্বাধীনতাৰ ৭০ বছৰৰ পিছতো চৰকাৰসমূহে অনুসূচীত জাতিৰ লোকৰ বাবে কোনো ধৰণৰ সুদূৰপ্ৰসাৰী কার্য ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ পৰিৱৰ্তে বাজেটত অনুসূচীত জাতিৰ নামত আৱন্টিত কোটি কোটি টকা একাংশ মন্ত্ৰী,বিধায়ক-আমোলাই উদৰস্থ কৰি আহিছে। আনহাতে, জাতিৰ কল্যাণৰ বাবে কোনোধৰণৰ স্ব-গোষ্টীয় ৰাজনৈতিক ব্যৱস্থা নথকাৰ বাবেই এনেদৰে অনুসূচীত জাতিৰ লোকক বাৰে বাৰে বঞ্চিত কৰি আহিছে।

গতিকে একমাত্ৰ সংৰক্ষণ ব্যৱস্থাৰ মাজেৰে অনুসূচীত জাতিৰ সামগ্ৰিক উন্নয়ন আৰু সমবিকাশ সম্ভৱ নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি সভাপতিগৰাকীয়ে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ওচৰৰ সজোৰে দাবী জনায়।

আনহাতে, অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে উক্ত কার্যসূচীত চৰকাৰক সমালোচনা কৰি কয় যে চলিত বৰ্ষৰ ৰাজ্যিক বাজেটখন চকু ফুৰালে দেখা পোৱা যায় যে বিজেপি চৰকাৰে অনুসূচীত জাতিৰ উন্নয়নৰ বাবে কোনোধৰণৰ গুৰুত্বপূৰ্ণ আঁচনি আৰু পুঁজিৰ ব্যৱস্থা কৰা নাই।

উক্ত কাৰ্যসূচীৰ জৰিয়তে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে অনুসূচীত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।