গুৱাহাটী : শনিবাৰে জনতা ভৱস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাগৃহত আয়ােজিত এক অনুষ্টুপীয়া অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিমাহীঘাটৰ ফেৰী দুৰ্ঘটনাত প্রাণ হেৰুওৱা দুগৰাকী ব্যক্তিৰ নিকটাত্মীয়ক আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্রদান কৰে। উল্লেখযােগ্য যে ২০২১ চনৰ ৮ ছেপ্টেম্বৰত নিমাতীঘাটত দুর্ঘটনাত পতিত হােৱা ফেৰীখনৰ পৰা ৮৯ গৰাকী যাত্ৰীক সুকলমে উদ্ধাৰ কৰা হৈছিল যদিও দুর্ভাগ্যজনকভাৱে পৰিমিতা দাস, ইন্দ্ৰেশ্বৰ বৰা আৰু ডাঃ বিক্রমজিৎ বৰুৰা নামৰ তিনিগৰাকী লােকে প্রাণ হেৰাবলগীয়া হৈছিল।

যােৱা ১০ ডিচেম্বৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত এই নাও দুর্ঘটনাত মৃত্যু হােৱা লােকসকলৰ পৰিয়ালৰ সদস্যসকলক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল।সেই অনুসৰি, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই স্বর্গীয় পৰিমিতা দাসৰ ভগ্নী মধুমিতা দাস আৰু স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰা সেনাপতিক চাকৰিৰ নিযুক্তি পত্র প্রদান কৰে। মধুমিতা দাসক ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ পৰিষদ (এছচিইআৰটি)ত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি দিয়া হয়। আনহাতে ৰূপৰেখা বৰা সেনাপতিক তেওঁৰ গৃহ জিলাৰ এখন বিদ্যালয়ত চতুর্থ শ্রেণীৰ চাকৰিত নিযুক্তি দিয়া হয়। অৱশ্যে দুঘটিত প্রাণ হেৰুওৱা তৃতীয়গৰাকী ব্যক্তি ডাঃ বিক্রমজিৎ বৰুৱা যিহেতু চৰকাৰী চিকিৎসালয়ৰ এগৰাকী চিকিৎসক আছিল, সেয়েহে তেওঁৰ পৰিয়ালে মৃতকৰ অৱসৰ বয়সলৈকে সম্পূর্ণ দৰমহা লাভ কৰি থাকিব।

অনুষ্ঠানত প্ৰদান কৰা নিজৰ চমু বক্তব্যত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে মানৱ জীৱন হেৰুওৱা ঘটনাৰ প্রতি ৰাজ্য চৰকাৰখনৰ সহানুভূতি আৰু সংবেদনশীলতাৰ প্রতীক হিচাপে তথা ভুক্তভোগী পৰিয়ালটোকা সহায় কৰাৰ বাবে চৰকাৰে মৃতকৰ পৰিয়ালৰ যােগ্য নিকটাত্মীয়ক চৰকাৰী চাকৰি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল। নিযুক্তি পত্র লাভ কৰা ব্যক্তি দুগৰাকীয়ে যাতে কোনাে বিভাগৰ ওচৰলৈ নােযােৱাকৈ তেওঁলােকৰ প্ৰথম দৰমহা সময়মতে লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ শিক্ষা বিভাগক নির্দেশ দিয়ে। ডাঃ বিক্রমজিৎ বৰুৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে নিয়মীয় দৰমহাৰ লগতে যদি তেওঁৰ পৰিয়ালক যিকোনাে সময়ত আর্থিক সহায়ৰ প্রয়ােজন হয়, তেন্তে তেনে মুহূর্তত চৰকাৰ পৰিয়ালটোৰ কাষত থিয় দিব।

অসাধাৰণ ঘটনাত মৃত্যুবৰণ কৰা লােকসকলৰ নিকটাত্মীয়ক চাকৰি প্ৰদান কৰাৰ বাবে তেওঁৰ চৰকাৰৰ প্রতিশ্রুতিৰ কথা দোহাৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ সাংবিধানিক সীমা সুৰক্ষাৰ স্বাৰ্থত অসম-মিজোৰাম আন্তৰাজ্যিক সীমান্ত প্রাণ হেৰুওৱা সুৰক্ষা বাহিনীৰ লােকসকলৰ নিকটাত্মীয়ক চাকৰি প্রদান কৰাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে যথেষ্ট তৎপৰতাৰ পৰিচয় দিছিল। মুখ্যমন্ত্রীয়ে নিযুক্তিপ্রাপ্তসকলক শুভকামনা জ্ঞাপন কৰাৰ লগতে নিমাতীঘাটৰ নাও দুটিত প্রাণ হেৰুওৱা ব্যক্তিসকলকো স্মৰণ কৰি তেওঁলােকৰ বিদেহ আত্মাৰ সদগতিৰ বাৰে ভগৱানৰ ওচৰত প্রাথনা জনায়। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গােপাল মহন্ত আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।