আজিজ আলী
মুকালমুৱা : বৰক্ষেত্ৰী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। বিদ্যালয়খনৰ ২৪ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে উলিওৱা হয় এই সাংস্কৃতিক শোভাযাত্ৰা। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলো অংশগ্ৰহণ কৰে। 

শনিবাৰে বৰক্ষেত্ৰী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি এই সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই বিদ্যালয়খনৰ কৰ্তৃপক্ষই। এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তৰুণ আলীয়ে।

সাংস্কৃতিক শোভাযাত্ৰাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষায়িত্ৰীৰ সকলৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰে। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিদ্যালয়খনৰ অধ্যক্ষ আৰাবুদ্দিন আহমেদৰ লগতে সহ শিক্ষক-শিক্ষয়ত্ৰী ক্ৰমে ফৰজুল আলী, প্ৰদীপ চৌধুৰী, বৌশিষ্ঠ্য নায়ক, বাবুল আলী, ভূপেন ডেকা, ৰীতা বৰ্মন, জোনালী তালুকদাৰ।