নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ জুলাই : সাময়িকভাৱে স্থগিত ৰখা হ’ল এ পি এছ চিৰ মূল পৰীক্ষা। বান পৰিস্থিতিৰ বাবে ২২ জুলাইৰ পৰা ৩১ জুলাইলৈ অনুষ্ঠিত হব লগীয়া পৰীক্ষাৰ সময়সূচী সাল-সলনি কৰা হৈছে। বিভাগীয় এক প্ৰেছ বিজ্ঞপ্তি যোগে এ পি এছ চিৰ সচিবগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ । আনহাতে, ২ৰ পৰা ৯ আগষ্টলৈ পূৰ্বৰ সূচী অনুসৰিয়েই অনুষ্ঠিত হ’ব পৰীক্ষা। ৯ আগষ্টৰ পিছতহে বাতিল হোৱা বিষয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব।পৰৱৰ্তী পৰীক্ষাৰ সূচী শীঘ্ৰে সঞ্চালকালয়ৰ ৱেবছাইটত ঘোষণা কৰিব বিভাগে ।