নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ জুলাই : চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰা প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন হিমা দাসৰ । মাত্ৰ ১৫ দিনৰ ভিতৰতে চাৰিটাকৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে অসম কন্যা হিমাই ।

চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ এথলেটিক্স মিটৰ ২০০ মিটাৰ ইভেণ্টত ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণৰ পদক জয় কৰে হিমা দাসে । উল্লেখযোগ্য যে ২ জুলাইৰ পৰা ইউৰোপত প্ৰতিদ্বন্দিতা কৰিছে হিমাই। ২ জুলাইৰ পৰা বৰ্তমানলৈকে হিমা দাসে মুঠ ৪ টা স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে ।

‘ আজি ২০০ মিটাৰত আকৌ এটা সোণ জিকিলো আৰু টাবৰ গি পিত মোৰ টাইমিং ২৩.২৫ চেকেণ্ডলৈ উন্নত কৰিলো’প্ৰতিযোগিতাত পুনৰ এটা স্বৰ্ণ পদক জয় কৰি টুইটাৰৰ যোগেদি হিমাই এনেদৰে মন্তব্য কৰে ।