গুৱাহাটী : হাতী সংৰক্ষণৰ বাবে নেচাৰ্ছ বেকনৰ উদ্যোগত ‘গণেশ মংগল যাত্ৰা’। উত্তৰ পূৱৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্ছ বেকনৰ হাতী সংৰক্ষণৰ বাবে দহ বছৰীয়া এক বৃহৎ কাৰ্যসূচী। সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শুভ উদ্বোধন কৰা হয় ‘গণেশ মংগল যাত্ৰা’ কাৰ্যসূচীৰ। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ লগতে পৰিৱেশ আৰু হাতী সংৰক্ষণৰ লগতে জড়িত কেইবাগৰকী ব্যক্তি।

ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ অনুযায়ী হাতী কঠোৰভাৱে সংৰক্ষিত বন্যপ্ৰাণী। এই আইনত হাতীক ১ নং তালিকাত ৰখা হৈছে। ভাৰতৰ হাতী সমূহ বৰ্তমান লুপ্তপ্ৰায় বন্যপ্ৰাণীৰ তালিকাভুক্ত। দেশৰ ভিতৰতে উত্তৰ পূৱ তথা অসম হাতীৰ অন্যতম প্ৰধান বিচৰণস্থলী। বিগত সময়ছোৱাত অসমত হাতীৰ অস্তিত্ব সংকটৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। অসমত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে হাতীৰ সংখ্যা। হাতীৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অন্যতম প্ৰধান কাৰণ হৈছে হাতীৰ বাসস্থানৰ অভাৱ।

বনাঞ্চল ধ্বংসই হাতীৰ বাসস্থান সংকুচিত কৰিছে। দশক দশক ধৰি অৰণ্য লুণ্ঠনৰ ফলত বনাঞ্চল সংকুচিত হৈ আহিছে। বনাঞ্চল সংকুচিত হোৱাৰ ফলতে সঘনাই দেখিবলৈ পোৱা যায় হাতী আৰু মামূহৰ মাজত সংঘাত। এই সংঘাতৰ ফলতে কেতিয়াবা যদি প্ৰাণ হেৰুৱাইছে মানুহে, কেতিয়াবা আকৌ মৃত্যুৰ মুখত পৰে হাতী। হাতী আৰু মানুহৰ মাজত এই সংঘাতৰ অন্য এক কাৰণ হৈছে হাতীৰ প্ৰতি থকা আমাৰ শ্ৰদ্ধা ভক্তি আৰু সহানুভূতিৰ ক্ৰমাৎ কমি অহা। হাতীক ভগৱান হিচাপে পূজা কৰা আমাৰ সমাজত এতিয়া হাতীৰ স্থান লাহে লাহে নাইকিয়া হ’বলৈ ধৰিছে।

বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত হাতী জনাঞ্চলত প্ৰৱেশ কৰিলেই আমি হাতী খেদিবলৈ ওলাই যাওঁ। হাতীৰ প্ৰতি আমাৰ মাজত গঢ়লৈ উঠা এই প্ৰৱণতা এনেদৰে অব্যাহত থাকিল এদিন আমাৰ মাজৰ পৰা হাতী নাইকিয়া হ’ব। হাতীৰ অস্তিত্ব যাতে আৰু অধিক সংকটত নপৰে ইয়াৰ বাবে উত্তৰ পূৱৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্ছ বেকানে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি আগুৱাই আহিছে। হাতী সংৰক্ষণৰ বাবে ‘গণেশ মংগল যাত্রা’ নামেৰে এক বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে নেচাৰ্ছ বেকনে। আগন্তক দহ বছৰ ধৰি এই কাৰ্যসূচী অব্যাহত ৰাখিব নেচাৰ্ছ বেকনে।

সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শুভ উদ্বোধন কৰা ‘গণেশ মংগল যাত্ৰা’ কাৰ্যসূচীৰ দ্বাৰা নেচাৰ্ছ বেকনে হাতীৰ প্ৰতি ৰাইজৰ মনত শ্ৰদ্ধা, ভক্তি আৰু সহানুভূতিৰ পুনৰ জাগ্ৰত কৰিব। হাতীৰ প্ৰতি মানুহৰ মনত শ্ৰদ্ধা, ভক্তি আৰু সহানুভূতিৰ ভাব জাগ্ৰত হ’লে হাতী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সাফল্য লাভ কৰাটো সহজ হৈ উঠিব বুলি জানিবলৈ দিয়ে নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই। বনাঞ্চল দখলৰ ফলত হাতী বোৰ গাঁও তথা খেতি পথাৰৰ মাজেৰে অহা যোৱা কৰিবলৈ বাধ্য হৈছে বুলিও কয় নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই।

বৰ্তমান হাতীৰ সন্তান প্ৰসৱৰ স্থানৰ অভাৱ হৈছে। হাতী সমূহৰ সন্তান প্ৰসৱৰ এক নিৰ্দিষ্ট ঠাই থাকে। এটা সময়ত গোৱালপাৰা জিলাৰ পঞ্চৰত্ন অৰণ্য হাতীৰ প্ৰসৱৰ পৰম্পৰাগত স্থান আছিল।যদিও এই স্থান মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। হাতী বোৰৰ বাবে এই সমস্যা অত্যন্ত বৃহৎ সমস্যা বুলিও কয় নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই। বাসস্থান, খাদ্য আৰু সন্তান প্ৰসৱৰ স্থানৰ অভাৱৰ লগতে হাতী সমূহে আৰু বহু সমস্যাৰ বাবে সংকটত পৰিছে।

‘গণেশ মংগল যাত্রা’ৰ দ্বাৰা হাতীৰ প্ৰতি মানুহৰ মনত শ্ৰদ্ধা, ভক্তি আৰু সহানুভূতি ভাব জগাই তোলা মূল উদ্দেশ্য। ইয়াৰ লগতে হাতীৰ বাসস্থান, হাতীৰ পৰম্পৰাগত খাদ্য ভাণ্ডাৰ সুৰক্ষিত কৰা, হাতী বাবে পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন গতিকে হাতীয়ে যাতে পৰ্যন্ত পৰিমাণে পানী লাভ কৰে ইয়াৰ বাবে আৰ্দ্ৰভূমি সমূহ সুৰক্ষিত কৰা হাতী সমূহে যাতে এঠাইৰ পৰা অন্য এঠাইলৈ যাওঁতে যাতে বাধাৰ সন্মুখীন নহয় ইয়াৰ পৰিৱেশ গঢ়ি তোলা ‘গণেশ মংগল যাত্ৰা’ৰ লক্ষ্য।

ইয়াৰ বাহিৰেও হাতী সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব ‘গণেশ মংগল যাত্ৰা’ কাৰ্যসূচীৰ অধীনত। মুঠতে হাতী আৰু মানুহৰ মাজত চলি থকা সংঘাত কিদৰে ৰোধ কৰি হাতী আৰু মানুহ একেলগে সহবাস কৰিব পৰা এক পৰিৱেশ গঢ়ি তোলাই এই ‘গণেশ মংগল যাত্ৰা’ কাৰ্যসূচীৰ মূল উদ্দেশ্য। হাতী আৰু মানুহৰ একেলগে সহবাসৰ পৰিৱেশ গঢ়লৈ উঠিবলৈ প্ৰথমে আমাৰ মনত হাতীৰ প্ৰতি শ্ৰদ্ধা, ভক্তি আৰু সহানুভূতি ভাব জাগ্ৰত হোৱাটো অতিকৈ প্ৰয়োজন।