ৰঙিয়া, ১৩ জুলাইঃ ৰঙিয়াৰ এটি দুৰ্ভগীয়া পৰিয়াল। দিন হাজিৰা কৰি জীৱন-নিৰ্বাহ ৰঙিয়াৰ ২ নং নকুলৰ তফাজুল হকৰ চাৰি বছৰীয়া কন্যা নাছৰীন চুলতানা জটিল ৰোগত আক্ৰান্ত৷ শিশুটোৰ ভবিষ্যতক লৈ বৰ্তমান অজান আশংকাত ভূগিব লগা হৈছে পৰিয়ালটো। দুখীয়া পৰিয়ালটোৱে খেতিৰ মাটি, হালৰ গৰু বিক্ৰী কৰিও শিশুটোৰ উপযুক্ত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই। সন্তানৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা পৰিয়ালটোৱে বৰ্তমান ধনৰ অভাৱত উন্নত চিকিৎসা কৰিবলৈ অপাৰগ । ইতিমধ্যে দুখীয়া পৰিয়ালটোৱে চিকিৎসাৰ নামত সকলো বিক্ৰী কৰি সৰ্বস্বান্ত হৈছে। কিন্তু কণমানি শিশুটিক সুস্থ কৰি তুলিবলৈ প্ৰয়োজনীয় বৃহৎ পৰিমানৰ টকা যোগাৰ কৰিবলৈ সম্পূৰ্ণৰূপে অসমৰ্থ পৰিয়ালটোৱে চৰকাৰক সহায়ৰ আহ্বান জনাইছে৷ কোনো ব্যক্তি তথা দল-সংগঠনে চিকিৎসাৰ বাবে সাহাৰ্য্য আগবঢ়াব বিছাৰিলে ৮০১১৬৮৭৮১৪ নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা ভাৰতীয় ষ্টেট বেংকৰ সোনেশ্বৰ শাখাৰ ৩১১৪৪৪০০২৭৭ নম্বৰৰ একাউন্টত অনুদান আগবঢ়াব পাৰিব।