সংবাদ ৩৬৫ ডেস্ক, ১৭ জুলাইঃ দেশত  ৩২টা ভোটদান কেন্দ্ৰত চতুৰ্দশ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন হয়। এই বছৰ ৰাষ্ট্ৰপতি পদৰ কাৰণে এনডিএৰ প্ৰাৰ্থী ৰামনাথ কোবিন্দৰ বিপৰীতে বিৰোধী দলৰ প্ৰাৰ্থী মীৰা কুমাৰ প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছে। সংসদ ভৱনৰ ৬২ নং কোঠাত পুৱা ১০ বজাৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈ সন্ধিয়া ৫ বজাত ভোটদান কাৰ্যসূচীৰ সামৰণি পৰে। পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ ভৱনস্থিত ভোটদান কেন্দ্ৰত ভোটদান কৰে৷  প্ৰধানমন্ত্ৰীৰ উপৰি কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, বিজেপি অধ্যক্ষ অমিত শ্বাহ, কংগ্ৰেছ উপাধ্যক্ষ ৰাহুল গান্ধী, বিজেপি জেষ্ঠ নেতা লাল কৃষ্ণ আদৱানি, বিদেশ মন্ত্ৰী সুষমা স্বৰাজ প্ৰমুখ্যে সাংসদ-বিধায়ক সকলে ভোটদান কৰে৷ উল্লেখ্য যে, চলিত বৰ্ষত ৰাষ্ট্ৰপতি পদৰ কাৰণে এনডিএৰ পৰা ৰামনাথ কোবিন্দৰ নাম ঘোষণা কৰাৰ পিছতেই ইউপিএয়ে পূৰ্বৰ লোকসভা অধ্যক্ষ মীৰা কুমাৰৰ নাম ঘোষণা কৰে৷ ৰামনাথ কোবিন্দ আৰু মীৰা কুমাৰ দুয়ো দলিত সম্প্ৰদায়ৰ৷ ৰামনাথ কোবিন্দৰ নাম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কাৰণে মনোনীত কৰাৰ সময়ত তেওঁ বিহাৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিবাহ কৰি আছিল৷ কোবিন্দই উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত ১৬ বছৰ উকালতি কৰাৰ লগতে দুবাৰকৈ ৰাজ্যসভাৰ সাংসদ আছিল৷ তেওঁ বিজেপিৰ দলিত মৰ্চা আৰু অখিল ভাৰতীয় কৌলী সমাজৰো অধ্যক্ষ আছিল৷ আনহাতে মীৰা কুমাৰে লোকসভা অধ্যক্ষ হিচাপে কাৰ্য্য নিৰ্বাহ কৰি যথেষ্ট সফলতা লাভ কৰিছে৷ মীৰা কুমাৰে ১৯৭০ চনত ভাৰতীয় বিদেশ সেৱাৰ বাবেও নিৰ্বাচিত হৈছিল৷ ইয়াৰ উপৰি তেওঁ পাঁচবাৰকৈ লোকসভাৰ সাংসদ আৰু মহিলা বাল কল্যান মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ এই বছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা ৪৮৯৬ জন৷ ইয়াৰে ৭৭৬ জন সাংসদ আৰু ৪১২০ জন বিধায়ক৷ বিজেপি বিধায়ক নৰোত্তম মিশ্ৰাক নিৰ্বাচনী আয়োগে অযোগ্য ঘোষণা কৰাত মুঠ ভোটাৰৰ সংখ্যা হ’লগৈ ৪৮৯৫ গৰাকী৷ ৰাষ্ট্ৰপতি পদৰ কাৰণে মনোনীত হোৱাৰ পিছত দুয়োজন প্ৰাৰ্থীয়ে সমৰ্থনৰ কাৰণে বিভিন্ন ৰাজ্যৰ সাংসদ-বিধায়কসকলক সাক্ষাৎ কৰি প্ৰচাৰ অভিযান চলায়৷ অহা ২০ জুলাইত চতুৰ্দশ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা কৰাৰ লগতে ফলাফলো ঘোষনা কৰা হ’ব৷ ২৪ জুলাইত ৰাষ্ট্ৰপতি প্ৰণৱ মূখ্যৰ্জীৰ কাৰ্যকাল অন্ত পৰাৰ পিছতে ২৫ জুলাইত নতুন ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰিব।